• Home
  • »
  • News
  • »
  • assam
  • »
  • Lovlina Borgohain : বক্সাৰ লাভলীনা বৰগোহাঁইলৈ BCCIৰ সন্মান, অধ্যক্ষ সৌৰভ গাংগুলীয়ে প্ৰদান কৰিলে ২৫ লাখ টকাৰ চেক

Lovlina Borgohain : বক্সাৰ লাভলীনা বৰগোহাঁইলৈ BCCIৰ সন্মান, অধ্যক্ষ সৌৰভ গাংগুলীয়ে প্ৰদান কৰিলে ২৫ লাখ টকাৰ চেক

Photo : Twitter

Photo : Twitter

মুম্বাইত আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ প্ৰথম খেলখনৰ প্ৰাক মুহূৰ্তত লাভলীনাক প্ৰদান কৰা হয় এই সন্মান।

  • Share this:
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইলৈ BCCIৰ সন্মান। BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে বক্সাৰগৰাকীক প্ৰদান কৰে ২৫ লাখ টকাৰ চেক। চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে BCCIৰ সম্পাদক জয় শ্বাহো।

মুম্বাইত আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ প্ৰথম খেলখনৰ প্ৰাক মুহূৰ্তত লাভলীনাক প্ৰদান কৰা হয় এই সন্মান।

টকিঅ’ অলিম্পিকত পদক আঁজুৰি অনা সকলকো সন্মান জনায় BCCI–এ। জেভলিন থ্ৰ’ত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই লাভ কৰে এক কোটি টকা। ভাৰোত্তোলনত ৰূপৰ পদক পোৱা মণিপুৰৰ মীৰা বাই চানুয়ে লাভ কৰে ৫০ লাখ টকা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি