• Home
  • »
  • News
  • »
  • assam
  • »
  • সাহস আৰু দেশভক্তিৰ অনুপম নিদৰ্শন ‘আলাবৈৰ ৰণ’, আজি আলাবৈ ৰণ স্মৃতি দিৱস

সাহস আৰু দেশভক্তিৰ অনুপম নিদৰ্শন ‘আলাবৈৰ ৰণ’, আজি আলাবৈ ৰণ স্মৃতি দিৱস

alaboi war

alaboi war

আলাবৈ ৰণ আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল দলিবাৰীৰ ওচৰৰ আলাবৈ পথাৰত সংঘটিত হৈছিল । য’ত আহোমৰ ১০,০০০ সৈন্যৰ শ্বহীদ হয়।

  • Share this:
    আজি আলাবৈৰ ৰণ স্মৃতি দিৱস।‘আলাবৈৰ ৰণ’ ১৬৬৯ চনৰ ৫ আগষ্ট অৰ্থাৎ আজিৰ দিনটোত সংঘটিত হৈছিল। সাহস আৰু আত্মবলিদানৰ এক অনুপম নিদৰ্শন হৈছে ‘আলাবৈৰ ৰণ’। এই ৰণ আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল দলিবাৰীৰ ওচৰৰ আলাবৈ পথাৰত সংঘটিত হৈছিল । য’ত আহোমৰ ১০,০০০ সৈন্যৰ শ্বহীদ হয়। লাচিত বৰফুকনৰ কূটনৈতিক কৌশলত ৰাম সিংহ উত্তেজিত হৈ পৰিছিল। এই ৰণ হোৱাৰ আগতে অসমৰ ৰাজনৈতিক বহুতো উত্থান-পতন হৈছিল। যাৰ ফলত এই যুঁজ অনিবাৰ্য হৈ পৰিছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে মীৰজুমলাৰ আক্ৰমণে আহোমৰ পৰা গুৱাহাটী কাঢ়ি নিছিল আৰু পৰাজয় সহ্য কৰিব নোৱাৰি জয়ধ্বজ সিংহৰ বিয়োগ হয়।মৃত্যুৰ পূৰ্বে গুৱাহাটী উদ্ধাৰৰ ভাৰ চক্ৰধ্বজ সিংহৰ হাতত অৰ্পণ কৰি যায়। এই দায়িত্ব পালন কৰাৰ অৰ্থে আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনৰ নেতৃত্বত এটা বিশাল সেণাবাহিনী গঢ়ি তোলে।আৰু এই সেন্যদলে গুৱাহাটী পুনৰ দখল কৰিবলৈ সক্ষম হয়।কিন্তু ইয়াৰ পিছতো লাচিত বৰফুকণ সাজু আছিল কাৰণ মোগল সম্ৰাট ঔৰংগজেৱে হাত সাৱটি বহি নাথাকে সেয়া স্পষ্ট আছিল।

    ১৬৬৯ চনত ৰামসিংহৰ নেতৃত্বত বিশাল মোগল সৈন্য যুঁজিবলৈ আগুৱাই আহে। আৰু লাচিত বৰফুকণে বুদ্ধিৰে ভেটা দিবলৈ চেষ্টা কৰিছিল।কিন্তু তাৰ পিছতো আহোম আৰু মোগলৰ মাজত যুদ্ধ সংঘটিত হৈছিল আৰু এই ৰণেই আছিল ‘আলাবৈৰ ৰণ’।

    প্ৰথমতে ২০০০০ জন আহোম সৈন্যক লৈ আক্ৰমণৰ কথা হৈছিল যদিও প্ৰায় ৪০০০০ সেনাৰ এক বিৰাট সৈন্যবাহিনীক পঠিওৱা হয় ১০০০০ মোগল সেনাক মোকাবিলা কৰিবলৈ।ইয়াৰ প্ৰধান কাৰণ মোগলৰ তুলনাত আহোমৰ কম অস্ত্ৰশক্তি আৰু উন্নত অস্ত্ৰৰ অভাৱ। আহোমসকলে ব্ৰাহ্মণ পৰিয়ালৰ সদস্য কিছুমানক যুদ্ধৰ সাজ পিন্ধাই প্ৰেৰণ কৰিছিল।যাতে মোগলৰ লগত সন্মিলিত ৰাজপুতসকলৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যায়।কাৰণ ব্ৰাহ্মণৰ ওপৰত অস্ত্ৰ প্ৰয়োগ নকৰে। আহোমৰ কৌশলপূৰ্ণ যুদ্ধৰ এয়াই এক উদাহৰণ।

    প্ৰথমতে, মদনাৱতীয়ে আহোমৰ সৈন্যক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। কিন্তু, বৰফুকনে মাজত দ খাৱৈ নিৰ্মাণ কৰি থৈছিল। দ্বিতীয় পৰ্য্যায়ত, মদনাৱতী ব্ৰহ্মপুত্ৰ নদী পাৰ হ’বলৈ ব্যৰ্থ হ’ল আৰু তেওঁক হত্যা কৰা হ’ল। ইয়াৰ পিছত, মীৰ নবাবে যুদ্ধত যোগদান দিলে। আহোমৰ ছলাহীত ৰাম সিংহ ক্ৰুদ্ধ হৈ পৰে। সেয়ে তেওঁৰ দক্ষ অশ্বাৰোহী সৈন্যক যুদ্ধৰ বাবে আদেশ দিলে। এই হত্যাকাণ্ডত আহোমৰ ১০,০০০ সৈন্যৰ মৃত্যু হয়।

    আলাবৈৰ ৰণে আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনৰ ধৈৰ্য আৰু বিচক্ষণতাৰ প্ৰমাণ দিছিল। ১০হাজাৰ সৈন্য মৃত্যু হোৱাৰ পাছতো আতন বুঢ়াগোহাঁয়ে কৈছে ‘বাৰীৰ ভিতৰত পুখুৰী খান্দিলেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে। এয়া ৰণহে হৈছে। দুই চাৰিজন লোক কিয় নমৰিব? বুঢ়াগোহাঁইৰ কথা শুনাৰ পিছতে দুগুন উ ৎসাহেৰে সকলোৱে ৰণত লাগি গৈছিল। প্ৰকৃতাৰ্থত এনেবোৰ গুণৰ সমাহাৰেই আছিল ৰণ বিজয়ৰ মূল মন্ত্ৰ।

    উল্লেখ্য যে, আলাবৈৰ ৰণত অসমীয়াৰ বিস্তৰ তথা অভূতপূৰ্ব ক্ষতি হৈছিল। মাত্ৰ এদিনতে যুদ্ধত ১০হাজাৰ মৃত্যু হোৱা অসমৰ বুৰঞ্জীত হয়টো প্ৰথম আছিল। আলাবৈৰ ৰণে অসমীয়াৰ হৃদয়ত কেতিয়াও নুশুকুৱা এটুকুৰা ঘাঁৰ সৃষ্টি কৰি থৈ গ'ল।
    First published: