
বটদ্ৰৱা থানা আক্ৰমণ আৰু জ্বলাই দিয়া ঘটনাৰ লগত জড়িত ৩৪জনক নগাঁও আৰক্ষীয়ে চিনাক্ত কৰিছে যদিও বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিছে ১০জনক৷
বটদ্ৰৱা থানা আক্ৰমণ আৰু জ্বলাই দিয়া ঘটনাৰ লগত জড়িত ৩৪জনক নগাঁও আৰক্ষীয়ে চিনাক্ত কৰিছে যদিও বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিছে ১০জনক৷
বটদ্ৰৱা কাণ্ডত জড়িত আন এজনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম জহিৰুল ইছলাম। লোকজনক বটদ্ৰৱাৰ আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লোকজনৰ ঘৰ হাইডুবিৰ গাঁৱত।
ইফালে, নিশা বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱত অভিযান চলাই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এটা অভিযুক্তক৷ ধৃত অভিযুক্তটোৰ নাম ওমৰ ফাৰুক৷ শনিবাৰে বটদ্ৰৱা থানা আক্ৰমণ আৰু জ্বলাই দিয়া ঘটনাৰ লগত জড়িত ৩৪জনক নগাঁও আৰক্ষীয়ে চিনাক্ত কৰিছে যদিও বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিছে ১০জনক৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|