• Home
  • »
  • News
  • »
  • assam
  • »
  • বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগৰ ঘটনা: নগাঁৱৰ চোৰাংচোৱা আৰু নিৰাপত্তাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষকক বদলি ...

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগৰ ঘটনা: নগাঁৱৰ চোৰাংচোৱা আৰু নিৰাপত্তাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষকক বদলি ...

আৰক্ষীৰ চকুৰ সন্মুখতে কিদৰে এখন থানাত অগ্নিসংযোগ কৰা হ'ল তাক লৈ বৰ্তমান তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। ঘটনা সংঘটিত হোৱাৰ দিনাই সন্ধ্যা বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ কুমাৰ গগৈক নিলম্বন কৰাৰ পিছতে আজি নগাঁও আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক দিপ্তী মালীক বদলি কৰা হৈছে।

  • Share this:

দিপ্তী মালীৰ স্থানত নগাঁৱত নিযুক্তি দিয়া হৈছে ১৭নং অসম আৰক্ষী বাহিনীৰ  উপ আৰক্ষী অধীক্ষক বাবুধৰ দেউৰীক। উল্লেখযোগ্য যে, বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগৰ পূৰ্বে প্ৰায় ১ঘণ্টা উন্মাদ জনতাই আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈছিল। কিন্তু সেই সময়তো খবৰ পোৱা নাছিল নগাঁও আৰক্ষীৰ উচস্তৰীয় মহলে। সাধাৰণতে এনে আৰক্ষী থানা সমূহত আইন-শৃংখলা জনিত পৰিস্থিতিৰ উদ্ভৱ হ'লে লগে লগে মহকুমা আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হয়। বটদ্ৰৱা আৰক্ষী নগাঁও মহকুমাৰ অন্তৰ্গত হোৱাৰ বাবে নগাঁও আৰক্ষীৰ উপ-আৰক্ষী(সদৰ)ৰ দায়িত্বত থকা ত্ৰিদিৱ কুমবাঙে সেই স্থানত উপস্থিত হোৱাৰ প্ৰয়োজন আছিল যদিও তেঁও ঘটনা সংঘটিত হোৱাৰ পিছত বহু পলমকৈ হে বটদ্ৰৱা থানাত উপস্থিত হৈছিল। একেদৰে নগাঁও আৰক্ষীৰ চোৰাংচোৱা বিভাগেও এনে এক ভয়াবহ ষড়যন্ত্ৰৰ কোনো উমঘামেই পোৱা নাছিল। সেয়ে আজি অসম চৰকাৰৰ গৃহবিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই চোৰাংচোৱাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক দিপ্তী মালীক বদলিৰ নিৰ্দেশ দিছে।
Published by:Kokil Sarma
First published: