বটদ্ৰৱা থানা আক্ৰমণ কাণ্ড (Batadrawa Incident)ৰ ৭৯পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল নগাঁও আৰক্ষীৰ। নগাঁও আৰক্ষী অধীক্ষকে (Nagaon SP) এক সংবাদমেলত আজি বটদ্ৰৱা কাণ্ডৰ চাৰ্জশ্বীট (Chargesheet) সন্দৰ্ভত সদৰী কৰে।
আৰক্ষীয়ে জনোৱা মতে বৰ্তমানেও পলাতক হৈ আছে বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মুল অভিযুক্ত জ্যোৎস্নাৰা বেগম। জ্যোৎস্নাৰাৰ লগতে গোচৰটোত জড়িত আন ১৩জন অভিযুক্তও পলাতক হৈ আছে। ২জন অভিযুক্ত নাবালক হোৱাৰ বাবে জুভেইনেল কাৰাগাৰলৈ প্ৰেৰণ।
সমগ্ৰ ঘটনাৰ আঁৰত জেহাদী (Jehadi) জড়িত থকাৰ সন্দেহ কৰিছে নগাঁও আৰক্ষীয়ে।
ইপিনে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা সকলৰ দ্ৰুত বিচাৰৰ বাবে ফাষ্টট্ৰেক আদালত (Fast Track Court)ত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে অনুৰোধ জনাব নগাঁও আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|