‘বটদ্ৰৱাৰ থানাত সংঘটিত হোৱা হিংসাত্মক কাণ্ড এখন সুস্থ সমাজৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহয়। চৰকাৰে নৈৰাজ্যবাদ সৃষ্টি কৰিছে। বটদ্ৰৱাৰ আৰক্ষীকো শাস্তিৰ আঁওতালৈ আনিব লাগে। অসমত জংঘলৰাজ চলিছে। এনকাউণ্টাৰ কৰা আৰক্ষীৰ গুলী সেইসময়ত কিয় নুফুটিল’- সোমবাৰে বটদ্ৰৱা কাণ্ডৰ সন্দৰ্ভত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।
সোমবাৰে ৰহাত বান পৰিস্থিতি পৰিদৰ্শনৰ লগতে বন্যাৰ্তৰ মাজত বান সাহায্য বিতৰণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। বটদ্ৰৱা কাণ্ডৰ বাবে অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিলে লুৰিণজ্যোতি গগৈয়ে। গৃহ বিভাগৰ ব্যৰ্থতাৰ বাবেই এনে কাণ্ড সংঘটিত হৈছে বুলি মন্তব্য কৰি অজাপৰ সভাপতিগৰাকীয়ে সমস্ত ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰে।
উল্লেখ্য যে, সোমবাৰে লুৰিণজ্যোতি গগৈয়ে বান বিধ্বস্ত ৰহাৰ বন্যাৰ্তৰ ওচৰলৈ আহে আৰু ৰহাৰ জোঙালবলহু গড়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাগীয়াল আদিত থকা বান শিবিৰসমূহ প্ৰত্যক্ষ কৰি খাদ্যসামগ্ৰী, পানী আদি বিতৰণ কৰে।
- First Published :