বোকা পানী গচকি বটদ্ৰৱাৰ প্ৰকল্পস্থলীৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ, শিল্পীসকলৰ বাবে আহিব সুখবৰ: বিমল বৰা

News18 Assam | News18-Assam
Updated:June 11, 2021, 7:46 PM IST
বোকা পানী গচকি বটদ্ৰৱাৰ প্ৰকল্পস্থলীৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ, শিল্পীসকলৰ বাবে আহিব সুখবৰ: বিমল বৰা
চলচ্চিত্ৰ জগতৰ কল্যাণৰ বাবে আমাৰ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। লগতে শিল্পীসকলৰ বাবেও অনাগত দিনত সুখবৰ আহিব: বিমল বৰা

চলচ্চিত্ৰ জগতৰ কল্যাণৰ বাবে আমাৰ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। লগতে শিল্পীসকলৰ বাবেও অনাগত দিনত সুখবৰ আহিব: বিমল বৰা

  • Share this:
অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত নিৰ্মীয়মান হৈ থকা "বটদ্ৰৱা প্ৰকল্প"স্থলীত শুকুৰবাৰে বিয়লি সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা উপস্থিত হয়।

বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত ১৮৮ কোটি টকা ধনৰ আবন্টনত নিৰ্মাণ হৈ থকা প্ৰকল্পস্থলীত উপস্থিত হৈ বোকা পানী গচকি নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। যোৱা ৮ জুনত অনুষ্ঠিত চৰকাৰৰ কেবিনেট বৈঠকত বটদ্ৰৱা প্রকল্পৰ কামকাজ তৰান্বিত কৰা আৰু নিৰীক্ষণৰ দ্বায়িত্ব প্ৰদান কৰিছিল সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাক। প্ৰতি মাহত পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিবলৈ দায়িত্ব দিয়াৰ পিছত আজি প্ৰথমবাৰৰ বাবে মন্ত্ৰী গৰাকীয়ে গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কয়   - "অসমৰ সমাজ জীৱনৰ কাৰনে গুৰুজনাৰ আশীষ অতুলনীয়। ৩ কোটি ৫০ লাখ জনসাধাৰণে সমাজ, জীৱন, কৃষ্টি সংস্কৃতি, ৰীতি-নীতি গোটেইখিনি গুৰুজনাৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ অমৃত সোঁৱৰণত তেখেতৰ জন্মস্থান বটদ্ৰৱাত অসমীয়া ৰাইজৰ অনুভৱ, উপলব্ধি, আশা আকাংক্ষাখিনি হৃদয়ংগম কৰি এই প্ৰকল্প নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো। আমাৰ চৰকাৰে দায়বদ্ধতাৰে অতি আন্তৰিকতাৰে ভক্তি ভাবেৰে এই কাম কাম আগবঢ়াই নিবৰ বাবে ইতিমধ্যে ঠিৰাং কৰিছে। ইতিমধ্যে আমাৰ চৰকাৰৰ সদিচ্ছাৰ কথা অসমীয়া ৰাইজে গম পাইছে। ২০২২ চনৰ ২১ এপ্ৰিলৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠাৰ কাৰনে বিভাগ সমুহক চৰকাৰী নিৰ্দেশনা দিছে।"

মন্ত্ৰী বিমল বৰাই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলা উপায়ুক্ত কবিতা পদ্মনাভন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, সঞ্চালকক লগত লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা তথা বিষয়ববীয়া সকলক লগতো প্ৰকল্পস্থলীত  কামকাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়। ইফালে অসমত চিনেমাগৃহ বন্ধ হৈ পৰা  সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি  কয় যে এয়া আমাৰ বাবে দুভাৰ্গ্যজনক। চলচ্চিত্ৰজগতৰ কল্যাণৰ বাবে আমাৰ চৰকাৰে পৰৱৰ্তী সময়ত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। লগতে শিল্পীসকলৰ বাবেও অনাগত দিনত সুখবৰ আহিব  বুলিও মন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
Published by: Kokil Sarma
First published: June 11, 2021, 7:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি