• Home
  • »
  • News
  • »
  • assam
  • »
  • 'নিজৰ ব্যৰ্থতা ঢাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে চৰকাৰে'- বটদ্ৰৱা ঘটনাৰ উচিত তদন্তৰ দাবী সাংসদ অজিত কুমাৰ ভূঞাৰ

'নিজৰ ব্যৰ্থতা ঢাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে চৰকাৰে'- বটদ্ৰৱা ঘটনাৰ উচিত তদন্তৰ দাবী সাংসদ অজিত কুমাৰ ভূঞাৰ

File Photo

File Photo

বটদ্ৰৱাত সংঘটিত হোৱা হিংসাত্মক ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। দিন দুপৰতে এদল দুৰ্বৃত্তই জ্বলাই দিছিল থানা। আনকি প্ৰহাৰ কৰিছিল আৰক্ষীকো

  • Share this:
বটদ্ৰৱাত সংঘটিত হোৱা হিংসাত্মক ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। দিন দুপৰতে এদল দুৰ্বৃত্তই জ্বলাই দিছিল থানা। আনকি প্ৰহাৰ কৰিছিল আৰক্ষীকো। আৰক্ষী চকীত এজন আচামীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই ঘটনা। বৰ্তমান ঘটনাৰ চলি আছে তদন্ত প্ৰক্ৰিয়া।

এইবাৰ বটদ্ৰৱাত সংঘটিত ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। ঘটনাত আনকি ৰহস্যৰো গোন্ধ পাইছে সাংসদগৰাকীয়ে। ইফালে ৰাজ্য চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপিত কৰে ভূঞাই।

অজিত কুমাৰ ভূঞাই সংবাদমেল সম্বোধন কৰি কয় যে,  ''চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে। এইটো বিজেপিৰ এজেণ্ডা। আৰক্ষীৰ জিম্মাত কেনেকৈ আচামিৰ মৃত্যু হয়? বটদ্ৰৱাৰ ঘটনা চৰকাৰৰ ব্যৰ্থতা। অসমত এনকাউণ্টাৰক মুখ্যমন্ত্ৰীয়ে উৎসাহিত কৰিছে। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ প্ৰতিশোধ পৰায়ন হ'ব নালাগে।অসমৰ ভবিষ্যত অন্ধকাৰ। এনেধৰণৰ শাসন বা চৰকাৰ দীৰ্ঘদিন চলিলে অসমৰ বিপদ অনিবাৰ্য।''
Published by:Himangshu Bhuyan
First published: