পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত বুঢ়া সত্ৰীয়াগৰাকীৰ আজি স্বাস্থ্যৰ সামান্য অৱনতি ঘটে।
পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত বুঢ়া সত্ৰীয়াগৰাকীৰ আজি স্বাস্থ্যৰ সামান্য অৱনতি ঘটে।
কোভিড–১৯ত আক্ৰান্ত অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা। দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছত বুধবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বুঢ়া সত্ৰীয়াগৰাকীক। পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত বুঢ়া সত্ৰীয়াগৰাকীৰ আজি স্বাস্থ্যৰ সামান্য অৱনতি ঘটে। উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় বুঢ়া সত্ৰীয়াগৰাকীক। বুঢ়া সত্ৰীয়াগৰাকীৰ আশু আৰোগ্য কামনা বৰপেটাবাসীৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠনৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|