
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান। বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ।
আজি বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াজনে।
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান। বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ। আজি বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াজনে। দীৰ্ঘদিনে যকৃত ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। কৃত্ৰিমভাৱে অক্সিজেন দি থকা হৈছিল তেখেতক বহুদিন।
আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই। ২০০৭ চনত বশিষ্ঠ দেৱ শৰ্মাই বুঢ়াসত্ৰীয়া হিচাপে গুৰু দায়িত্ব গ্ৰহণ কৰিছিল।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|