২০০৭ চনত বুঢ়াসত্ৰীয়া হিচাপে দায়িত্ব গ্ৰহণ কৰা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসানত শোকপ্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই।
বুঢ়াসত্ৰীয়াগৰাকীৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে।
GMCHত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা বুঢ়াসত্ৰীয়াগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। ১৯৩৮ চনৰ বৰপেটাৰ সুন্দৰীয়াত জন্মগ্ৰহণ কৰা বশিষ্ঠ দেৱ শৰ্মাই আজি বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|