বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি মহোৎসৱ পালন ৷ উক্ত অনুষ্ঠানতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ সাধক বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান কৰে সুন্দৰীদিয়া সত্ৰই ৷
বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি মহোৎসৱ পালন ৷ উক্ত অনুষ্ঠানতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ সাধক বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান কৰে সুন্দৰীদিয়া সত্ৰই ৷
বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি মহোৎসৱ পালন ৷ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে সুন্দৰীদিয়া সত্ৰত আজি অনুষ্ঠিত হয় মাধৱদেৱ বঁটা প্ৰদান অনুষ্ঠান ৷ উক্ত অনুষ্ঠানতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ সাধক বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান কৰে সুন্দৰীদিয়া সত্ৰই ৷বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, সুন্দৰীদিয়া সত্ৰৰ ডেকাসত্ৰীয়া নিৰ্মল অধিকাৰী আৰু মইনবড়ী সত্ৰৰ অপূৰ্ব অধিকাৰীৰ উপস্থিতিত সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীক সুন্দৰীদিয়া সত্ৰই আজি প্ৰদান কৰে মাধৱদেৱ বঁটা ৷
ইপিনে বঁটা গ্ৰহন কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা শংকৰদেৱ বঁটাপ্ৰাপক সংস্কৃতিৰ সাধকগৰাকীয়ে মাধৱদেৱ গুৰুজনাৰ নামত নিজ জন্মভূমিতে এনেদৰে সন্মানিত হ'বলৈ পাই অতিকে আনন্দিত হোৱা বুলি মন্তব্য কৰে ৷ তেওঁৰ জীৱনকালত অনেক বঁটা, সন্মান লাভ কৰা বুলি প্ৰকাশ কৰি সম্প্ৰতি তেওঁ শাৰিৰীক অসুস্থতাত ভুগি থকাৰ কথাও উল্লেখ কৰে ৷ শাৰিৰীক অসুস্থতাৰ বাবেই বৰপেটা সত্ৰত পালিত দৌল মহোৎসৱ, বহাগৰ দোমাহী আদিৰ অনুষ্ঠানত ভাগ লবলৈ নাপাই নিজ ঘৰত দুখত থাকিবলগা বুলিও প্ৰকাশ কৰে বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷শাৰিৰীক অসুস্থতা স্বত্বেও সত্ৰীয়া কাম কাজত ভাগ ল'বলৈ হেপাহ কৰি থকাৰ কথা প্ৰকাশ কৰে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|