মহানগৰীৰ বেলতলা স্থিত সমাজ কল্যান বিভাগৰ কাৰ্যলয়ত বিক্ষোপ কাৰ্যসুচী। মাননীৰ সলনি মজুৰী প্ৰদানৰ দাবীত অংগনৱাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতিবাদ।
অংগনৱাড়ী কৰ্মী সহায়িকাক ESIC ৰ ব্যৱস্থা প্ৰদান কৰিবলৈ আৰু অংগনৱাড়ী কেন্দ্ৰ একত্ৰিকৰন বন্ধ কৰাৰ দাবীলৈ এই প্ৰতিবাদী কাৰ্যসূচী কৰা হয়। লগতে নূন্যতম নিৰিখ ২১ হাজাৰ নিৰ্ধাৰন কৰাকলৈও দাবী কৰে অংগনৱাড়ী কৰ্মী সহায়িকাসকলে।
চৰকাৰী সকলো কামতে ব্যৱহ্যাৰ কৰিছে অংগনৱাড়ী কৰ্মী সহায়িকাক কিন্তু ইয়াৰ বিপৰীতে কোনো সা সুবিধা নিদিয়া বুলি প্ৰতিবাদকাৰীসকলে কয়।
উল্লেখ্য যে, ২০১১ চনতে এককালীন সাহাৰ্যৰ কথা সেই সময়ৰ চৰকাৰে ঘোষণা কৰিছিল কিন্তু আজি পৰ্যন্ত কাৰ্যকাৰী নহ’ল এই সাহাৰ্য।
প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰন কৰিবলৈ আৰক্ষী অৰ্ধসামৰিক বাহিনি গন্তব্য স্থানত উপস্থিত হয়।
Published by: Sehnaz Begum
FIRST PUBLISHED : November 10, 2022, 14:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।