চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা প্ৰকাশিত একাংশ সংবাদ মাধ্যমত অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰকাশিত এটা বাতৰিয়ে সমগ্ৰ চৰাইদেউ জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসম আৰক্ষী বেটেলিয়নৰ এটা বৃহৎ দলে চৰাইদেউ জিলাৰ গাতে লাগি থকা অৰুণাচলৰ লংডিং জিলাৰ কাণুবাৰীত উপস্থিত হৈ কোনো বাচ–বিচাৰ নকৰাকৈ অৰুণাচলীসকলে ৰোপণ কৰা ধান খেতিসমূহ নষ্ট কৰা বুলি বাতৰি পৰিৱেশন কৰিছে অৰুণাচলৰ পৰা প্ৰকাশিত সংবাদ মাধ্যমত।
উক্ত বাতৰিটো প্ৰকাশৰ পিছতে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনৰ হৈ শীৰ্ষ বিষয়াসকলে ঘটনাস্থলী পৰিভ্ৰমণ কৰি তেনে কোনো ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ নকৰিলে৷ এক মনেসজা ভুৱা বাতৰি অৰুণাচলৰ সংবাদ মাধ্যমে কিয় প্ৰচাৰ কৰিছে সেয়া ৰহস্যজনক৷
এই সন্দৰ্ভত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে৷ সংবাদ মেলত অৰুণাচলৰ পৰা প্ৰকাশিত বাতৰিটোৰ কোনো ভিত্তি নাই আৰু ই সম্পূৰ্ণ ৰূপে মনেসজা বাতৰি বুলি ব্যক্ত কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে মই নিজে এই সন্দৰ্ভত লংডিঙৰ আৰক্ষী অধীক্ষকক যোগাযোগ কৰিছো। এনে ধৰণৰ মনেসজা বাতৰি প্ৰকাশ কৰাৰ ফলত যাতে দুয়োখন ৰাজ্যৰ মিলাপ্ৰীতিত কেৰোণ নালাগে তাৰ বাবে চকু দিবলৈ আৰক্ষী অধীক্ষকজনে অৰুণাচল প্ৰশাসনক আহ্বান জনায়।
আনহাতে সোণাৰিৰ চিংলৌ অঞ্চলত নগালেণ্ডৰ কোনো লোকে সেই অঞ্চলত আহি সেই ভুমি নগালেণ্ডৰ বুলি দাবী জনোৱাৰ কথা চৰ্চালৈ অহাৰ পিছতে চৰাইদেউ জিলাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত চলাই তেনে কোনো পৰিৱেশ সৃষ্টি হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে।