অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ চন নে ১৯৭১ হ'ব সেই সম্পৰ্কীয় গোচৰৰ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে।
সাংবিধানিক বিচাৰপীঠে শুনানি ল'বলগীয়া ২৫টা গোচৰত প্ৰতিটো পক্ষক কিমান সময় যুক্তিৰ বাবে লাগিব সেই সম্পৰ্কীয় তথ্য প্ৰথমে গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছত সাংবিধানিক বিচাৰপীঠ গঠন হোৱাৰ পিছতেই আৰম্ভ হ'ব শুনানি।
ইফালে, ভিত্তিবৰ্ষক লৈ অসম জমিয়ত উলেমা হিন্দৰ প্ৰতিক্ৰিয়া। জমিয়ত উলেমা হিন্দৰ মত– 'আমি ভিত্তিবৰ্ষ হিচাপে অসম চুক্তিক সমৰ্থন কৰোঁ, এক চুক্তিৰ জৰিয়তে হোৱা ভিত্তিবৰ্ষ সলনি কৰাৰ আমি বিৰোধিতা কৰোঁ।'
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|