• Home
  • »
  • News
  • »
  • assam
  • »
  • আজিও কাৰাগাৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী, ডিচিবি কলেজৰ অধ্যক্ষক কাৰণ দৰ্শোৱাৰ জাননী

আজিও কাৰাগাৰতে পৰীক্ষাত বহিল বৰ্ষাশ্ৰী, ডিচিবি কলেজৰ অধ্যক্ষক কাৰণ দৰ্শোৱাৰ জাননী

সোমবাৰে গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে ডিচিবি কলেজৰ অধ্যক্ষক কাৰণ দৰ্শোৱাৰ জাননী কৰাৰ পিছত আজি মহাবিদ্যালয়খনৰ এজন অধ্যাপকৰ নিৰীক্ষণত পৰীক্ষাত বহিছে বৰ্ষাশ্ৰী।

সোমবাৰে গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে ডিচিবি কলেজৰ অধ্যক্ষক কাৰণ দৰ্শোৱাৰ জাননী কৰাৰ পিছত আজি মহাবিদ্যালয়খনৰ এজন অধ্যাপকৰ নিৰীক্ষণত পৰীক্ষাত বহিছে বৰ্ষাশ্ৰী।

সোমবাৰে গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে ডিচিবি কলেজৰ অধ্যক্ষক কাৰণ দৰ্শোৱাৰ জাননী কৰাৰ পিছত আজি মহাবিদ্যালয়খনৰ এজন অধ্যাপকৰ নিৰীক্ষণত পৰীক্ষাত বহিছে বৰ্ষাশ্ৰী।

  • Share this:
শব্দৰ স্ফুলিংগৰে কবিতা লিখি ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত কাৰাৰুদ্ধ হৈ থকা বৰ্ষাশ্ৰীয়ে আজিও কাৰাগাৰতে বহিল পৰীক্ষাত। সোমবাৰে গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে ডিচিবি কলেজৰ অধ্যক্ষক কাৰণ দৰ্শোৱাৰ জাননী কৰাৰ পিছত আজি মহাবিদ্যালয়খনৰ এজন অধ্যাপকৰ নিৰীক্ষণত পৰীক্ষাত বহিছে বৰ্ষাশ্ৰী। আজি দ্বিতীয় দিনাৰ পৰীক্ষা বৰ্ষাশ্ৰীৰ।

উল্লেখযোগ্য যে গোলাঘাটৰ উপায়ুক্তই এগৰাকী অতিৰিক্ত উপায়ুক্তৰ নিৰীক্ষণত প্ৰথমখন কাকতৰ পৰীক্ষা দিবলৈ বাধ্য কৰিছিল বৰ্ষাশ্ৰীক। এই বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আদালতে। সোমবাৰে ন্যায়ালয়ে এই বিষয়টোত হস্তক্ষেপ কৰি বিশ্ববিদ্যালয়ৰ নিয়মৰ অধীনত পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ডিচিবি কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে। ২৫ জুলাইৰ ভিতৰত এই জাননীৰ উত্তৰ দিব লাগিব অধ্যক্ষই।

মন কৰিবলগীয়া যে, সোমবাৰে গোলাঘাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে। আদালতে বিশ্ববিদ্যালয়ৰ অধিনিয়ম অনুসৰি বৰ্ষাশ্ৰীক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ডিচিবি মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে সংশ্লিষ্ট সকলো পক্ষক নিৰ্দেশ দিছিল।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, আদালতে ডিচিবি কলেজৰ পৰীক্ষা কেন্দ্ৰতে বৰ্ষাশ্ৰীৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ পোষকতা কৰিছিল। কিন্তু কলেজৰ অধ্যক্ষগৰাকীয়ে কাৰাগাৰতে বৰ্ষাশ্ৰীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আবেদন জনোৱাত ছাত্ৰীগৰাকীয়ে যোৱা ১৬ জুলাইত কাৰাগাৰতে পৰীক্ষাত বহিবলগীয়া হয়।

বৰ্ষাশ্ৰীৰ ককায়েকে আদালতত আবেদন দাখিল কৰাত আদালতে শেহতীয়া স্থিতি সন্দৰ্ভত গোলাঘাটৰ জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন বিচাৰে। কাৰাগাৰ কৰ্তৃপক্ষই বৰ্ষাশ্ৰীৰ পৰীক্ষাক লৈ শেহতীয়া স্থিতি সন্দৰ্ভত দাখিল কৰাৰ পিছত আদালতে গোলাঘাটৰ উপায়ুক্তৰ হস্তক্ষেপত বৰ্ষাশ্ৰীৰ পৰীক্ষাৰ নিৰীক্ষকৰূপে নিযুক্তি দিয়া অতিৰিক্ত উপায়ুক্তগৰাকীক খাৰিজ কৰাৰ লগতে এগৰাকী অধ্যাপকক নিৰীক্ষক হিচাপে নিযুক্তি দিবলৈ ডিচিবি মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। লগতে আদালতৰ নিৰ্দেশ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা সম্পৰ্কীয় নীতি–নিৰ্দেশনা অমান্য কৰাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে অধ্যক্ষলৈ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি