মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমত ফিল্মফেয়াৰক সমৰ্থন কৰি বৰষাৰাণীয়ে দিয়া পুৰণি প’ষ্ট হঠাৎ ভাইৰেল!

অসমত ফিল্মফেয়াৰক সমৰ্থন কৰি বৰষাৰাণীয়ে দিয়া পুৰণি প’ষ্ট হঠাৎ ভাইৰেল!

বিজেপিৰ আই টি চেলৰ টাৰ্গেট এতিয়া অভিনেত্ৰী বৰষা ৰাণী বিষয়া

বিজেপিৰ আই টি চেলৰ টাৰ্গেট এতিয়া অভিনেত্ৰী বৰষা ৰাণী বিষয়া

বিজেপিৰ আই টি চেলৰ টাৰ্গেট এতিয়া অভিনেত্ৰী বৰষা ৰাণী বিষয়া

  • Share this:
CAA বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্য চৰকাৰক সমালোচনাৰে থকা–সৰকা কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে আনকি বিভিন্ন ঠাইত উদাত্ত ভাষণেৰে বিতৰ্কিত আইন খনৰ বিৰুদ্ধে ৰাইজৰ মাজত জনমত গঢ়ি তুলিবলৈও চেষ্টা কৰিছে।



কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে অন্য এক বিষয়। অভিনেত্ৰী বৰষাই অসমত বলীউদৰ মেগা এৱাৰ্ড শ্ব’ ফিল্ম ফেয়াৰ অনুষ্ঠিত কৰাতো সমৰ্থন কৰেনে? বৃহস্পতিবাৰে সাংবাদিকৰ প্ৰশ্নত বৰষা ৰাণী বিষয়াই ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত  ফিল্ম ফেয়াৰ অনুষ্ঠান অনুষ্ঠিত কৰাতো কেতিয়াও সমৰ্থন নকৰে বুলি উল্লেখ কৰিছিল।


বৰষাৰ এই মন্তব্যৰ পিছতে বিজেপিৰ আই টি চেলে ছচিয়েল মিডিয়াত টাৰ্গেট কৰি লৈছে অভিনেত্ৰীগৰাকীক। শ্বেয়াৰ কৰিছে অভিনেত্ৰী গৰাকীয়ে নিজৰ ছচিয়েল মিডিয়া চাইটত লিখা বহু কেইটা পুৰণি পষ্ট। Filmfareৰ  উদ্যোক্তা আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা চুক্তি স্বাক্ষৰৰ দিনা অন্যান্য অভিনেতা–অভিনেত্ৰীৰ লগত বৰষা ৰাণী বিষয়া উপস্থিত থকা, সেইসময়ত ফেচবুকত ফিল্ম ফেয়াৰৰ সমৰ্থনত বৰষাৰাণীয়ে লিখা পষ্ট আদি এতিয়া শ্বেয়াৰ কৰিছে বিজেপিৰ আই টি চেলে।

শেহতীয়া বাতৰি