বিগত দুদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটাৰোডত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ ফলত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ৰাইজে। চহৰখনৰ অলিয়ে–গলিয়ে এতিয়া কেৱল মাথোঁ পানী আৰু পানী৷ চহৰখনৰ অধিকাংশ নলা–নৰ্মদা বৰপেটাৰোড পৌৰসভাই সময় মতে, পৰিষ্কাৰ নকৰাৰ ফলতেই এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে৷ আজি চহৰখনৰ জ্যোতিনগৰ, মিলননগৰ, চন্দনপুৰ, বৰ্মনপাৰা, বাবুপাৰা, শক্তিনগৰ, ৰামকৃষ্ণ মন্দিৰ পথ আদি এলেকাৰ অধিকাংশ পথ আৰু ঘৰেই পানীৰ তলত ডুব গৈছে৷
আনহাতে, উত্তৰ বৰপেটাৰোডত অৱস্থিত পাইকাৰী চবজি বজাৰো কৃত্ৰিম বানপানীৰ কবলত পৰাত বজাৰখনত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ যিহেতু বৰপেটাৰোডৰ পৰাই ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ ট্ৰাকে ট্ৰাকে শাক–পাচলি যায়, সেয়ে শাক–পাচলিৰ মূল্য বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷
চহৰখনত প্ৰতি বছৰে এনেদৰে কৃত্ৰিম বানপানী হয় যদিও এইক্ষেত্ৰত বৰপেটাৰোড পৌৰসভা আৰু চৰকাৰে কোনোধৰণৰ বাস্তৱসন্মত পদক্ষেপ নোলোৱাৰ বাবে এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাটো এক নিয়মত পৰিণত হৈছে৷ সেয়ে ৰাজেশ সৰকাৰ নেতৃত্বাধীন বৰপেটাৰোড পৌৰসভাক অনাগত দিনত দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কৃত্ৰিম বানপানী প্ৰতিৰোধ কৰিবলৈ চহৰখনৰ ৰাইজ তথা বিভিন্ন দল–সংগঠনে দাবী জনাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|