
বৰপেটাৰোডলৈ কম্পিউটাৰকেইটা এখন বলেৰ’ গাড়ীৰে লৈ বিক্ৰী কৰিবলৈ আহোতে চোৰ দুজনক আটক কৰে ৷
বৰপেটাৰোডলৈ কম্পিউটাৰকেইটা এখন বলেৰ’ গাড়ীৰে লৈ বিক্ৰী কৰিবলৈ আহোতে চোৰ দুজনক আটক কৰে ৷
বৰপেটাৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই দুজন কম্পিউটাৰ চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা চোৰ দুজন হৈছে কয়াকুছিৰ বাবুল হুছেইন আৰু তামুলপুৰৰ ফাজিজুল খান ৷
বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ বৰুৱাই জানিবলৈ দিয়া মতে, কেইদিনমান আগতে ভৱানীপুৰৰ ৰাজাঘাটৰ এখন চৰকাৰী স্কুলৰ পৰা কেইবাটাও কম্পিউটাৰ ছেট চুৰি হৈছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৰপেটাৰোডলৈ কম্পিউটাৰকেইটা এখন বলেৰ’ গাড়ীৰে লৈ বিক্ৰী কৰিবলৈ আহোতে চোৰ দুজনক আটক কৰে ৷ লগতে চুৰি হোৱা চাৰিটা কম্পিউটাৰ ছেট জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে বলেৰ’ গাড়ী এখনো জব্দ কৰে ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|