বৰপেটাত আজি প্ৰথমবাৰৰ বাবে এজন বিষয়াক অৱসৰৰ দিনটোতে পেঞ্চনসহ সকলো প্ৰাপ্য প্ৰদান কৰি নজিৰ সৃষ্টি কৰিলে।
বৰপেটাত আজি প্ৰথমবাৰৰ বাবে এজন বিষয়াক অৱসৰৰ দিনটোতে পেঞ্চনসহ সকলো প্ৰাপ্য প্ৰদান কৰি নজিৰ সৃষ্টি কৰিলে।
সাধাৰণতে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণৰ পিছত পেঞ্চনৰ বাবে তাঁতবাতি কাঢ়ি চেণ্ডেল ক্ষয় নিয়াবলগীয়া হয়৷ তাৰ পিছতো কিন্তু প্ৰাপ্য পেঞ্চন লাভ কৰিবলৈ সক্ষম নহয়। কিন্তু বৰপেটাত আজি প্ৰথমবাৰৰ বাবে এজন বিষয়াক অৱসৰৰ দিনটোতে পেঞ্চনসহ সকলো প্ৰাপ্য প্ৰদান কৰি নজিৰ সৃষ্টি কৰিলে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মোৎসাহী নীতিক সঠিক ৰূপ প্ৰদান কৰি আজি বৰপেটা কোষাগাৰৰ এজন কৰ্মচাৰীক অৱসৰৰ দিনটোতেই প্ৰদান কৰিলে অন্তৰ্ৱতীকালীন পেঞ্চনৰ মঞ্জুৰি পত্ৰৰ উপৰি কৰ্মচাৰী ভৱিষ্যনিধিৰ জমা পুঁজি, জমা ছুটিৰ নগদীকৰণ আৰু অৱসৰকালীন গ্ৰেছুইটী ভাত্তাসহ সকলো বিত্তীয় মঞ্জুৰি৷
এনে কাৰ্যৰ জৰিয়তে এক প্ৰকাৰ ইতিহাস সৃষ্টি কৰিছে কোষাগাৰ বিষয়াই৷ আজি বৰপেটা কোষাগাৰৰ অধীক্ষক নুৰুল ইছলামে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ দিনটোতেই কোষাগাৰ বিষয়া ধ্ৰুৱজ্যোতি শৰ্মাৰ তৎপৰতাত পেঞ্চনৰ উপৰি প্ৰায় সকলোখিনি অৱসৰকালীন প্ৰাপ্যধনৰ মঞ্জুৰি লাভ কৰিবলৈ সক্ষম হয়। ইপিনে অৱসৰ গ্ৰহণ কৰা বিষয়াগৰাকীক কোষাগাৰৰ বিষয়া-কৰ্মচাৰীসকলে অৱসৰ জীৱন সুন্দৰ আৰু আনন্দময় হোৱাৰ কামনাৰে তেওঁক বিদায় সম্বৰ্দ্ধনা প্ৰদান কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|