বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / সুন্দৰীদিয়া সত্ৰত ব'হাগৰ সুৱেৰী পালন ! হেকেটা খুৱাই গাঁও পৰিভ্ৰমণ কৰাই, কীৰ্তনঘৰত ৫ বাৰ প্ৰদক্ষিণ কৰাই গোসাঁইক মণিকূটত স্থাপন ...

সুন্দৰীদিয়া সত্ৰত ব'হাগৰ সুৱেৰী পালন ! হেকেটা খুৱাই গাঁও পৰিভ্ৰমণ কৰাই, কীৰ্তনঘৰত ৫ বাৰ প্ৰদক্ষিণ কৰাই গোসাঁইক মণিকূটত স্থাপন ...

সুন্দৰীদিয়া সত্ৰত ব'হাগৰ সুৱেৰী পালন ! হেকেটা খুৱাই গাঁও পৰিভ্ৰমণ কৰাই, কীৰ্তনঘৰত ৫ বাৰ প্ৰদক্ষিণ কৰাই গোসাঁইক মণিকূটত স্থাপন ...

সুন্দৰীদিয়া সত্ৰত বহাগৰ সুৱেৰী পালন ৷ হেকেটা খুৱাই গাঁও পৰিভ্ৰমণ কৰাই কীৰ্তনঘৰত ৫ বাৰ প্ৰদক্ষিণ কৰাই গোসাঁইক মণিকূটত স্থাপন ৷

  • News18 Assam Barpeta,Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

সত্ৰনগৰী বৰপেটাৰ  ব’হাগ বিহুৰ সৈতে জৰিত সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি বৃহস্পতি বাৰে সুন্দৰীদিয়া সত্ৰত পালন কৰা হয় বহাগৰ সুৱেৰী উৎসৱ ৷ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰৰ  পূৰ্ব পৰম্পৰা অনুসৰি সাতবিহুৰ দিনটোত পালন কৰা সুঁৱেৰী উপলক্ষে গোসাঁইক হেকেটা খুৱাবলৈ নিয়া হয় ৷

প্ৰবাদ আছে পূৰ্বতে প্ৰাকৃতিক দূৰ্যোগৰ বাবে দৌল মহোৎসৱৰ সুৱেৰীত গোসাঁই ফুৰোৱাত বাধাৰ সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত বহাগৰ সাতবিহুৰ দিনটোত সুৱেৰী উৎসৱ পালনৰ পৰম্পৰা আৰম্ভ হয় ৷ আন এক প্ৰবাদ অনুসৰি অঞ্চলটোত হোৱা কলেৰা, হাইজা আদি মহামাৰীৰ পৰা ৰক্ষাৰ বাবে কেৱলীয়া ভকত এজনে স্বপ্নাদ্ৰিষ্ট হোৱাৰ পিচৰ পৰাই এই পৰম্পৰা আৰম্ভ হোৱা বুলি জনা যায় ৷

বিজ্ঞাপন

সত্ৰখনত চলি অহা পৰম্পৰা অনুসৰি গোসাঁইক দোলাত তুলি হেকেটা খুৱাই গাঁও ফুৰাবলৈ নিয়া হয় ৷ইয়াৰ পিচতে গোসাঁইক কীৰ্তনঘৰৰ চৌপাশে পাঁচ বাৰ প্ৰদক্ষিণ কৰাই কীৰ্তনঘৰৰ মনিকূটত যথানিয়মে গোঁসাইক স্থাপন কৰা হয় ৷ ব’হাগ বিহুৰ সৈতে জৰিত সুন্দৰীদিয়া সত্ৰৰ বহাগৰ সুঁৱেৰী উপলক্ষে বৃহস্পতি বাৰে সত্ৰবাসীৰ মাজত আৱতৰীয়া দৌলৰ এক উছৱমুখৰ পৰিৱেশ সৃষ্টি হয় ৷

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: Barpeta , Bihu
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন