• Home
  • »
  • News
  • »
  • assam
  • »
  • যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা নিজৰ বাসগৃহত উপস্থিত হ’ল বৰপেটাৰ অনিমা

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা নিজৰ বাসগৃহত উপস্থিত হ’ল বৰপেটাৰ অনিমা

ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰী অনিমা আহমেদে বৰপেটাৰোডৰ নিজ গৃহত উপস্থিত হৈ ভাৰত চৰকাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷

ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰী অনিমা আহমেদে বৰপেটাৰোডৰ নিজ গৃহত উপস্থিত হৈ ভাৰত চৰকাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷

ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰী অনিমা আহমেদে বৰপেটাৰোডৰ নিজ গৃহত উপস্থিত হৈ ভাৰত চৰকাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷

  • Share this:
ইউক্ৰেইনৰ ছুমি ইউনিভাৰ্ছিটীত চিকিৎসা বিজ্ঞানৰ পঞ্চম ষান্মাসিকত অধ্যয়নৰত ছাত্ৰী অনিমা আহমেদ অৱশেষত বৰপেটাৰোডৰ নিজ বাসগৃহত আহি উপস্থিত হল৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনত আৱদ্ধ হৈ এক গভীৰ উৎকণ্ঠাত থকা ছাত্ৰীগৰাকী সুকলমে ইউক্ৰেইনৰ পৰা নিজ গৃহত আহি উপস্থিত হোৱাত ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও স্বস্তিৰ নিস্বাস পেলাইছে ৷

ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰী অনিমা আহমেদে বৰপেটাৰোডৰ নিজ গৃহত উপস্থিত হৈ ভাৰত চৰকাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো মামা বুলি সম্বোধন কৰি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷ যুদ্ধকালীন পৰিৱেশৰ কিছু বৰ্ণনা উল্লেখ কৰি কিদৰে বাছ আৰু ৰে’লেৰে নিৰাপদ স্থান পোলেণ্ডলৈ যাত্ৰা কৰিছিল তাৰো এক চমু আভাস ছাত্ৰীগৰাকীয়ে  সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিলে৷

চিকিৎসা বিজ্ঞানৰ শিক্ষা সমাপ্ত হ’বলৈ আৰু মাত্ৰ এটা বছৰ আছিল ছাত্ৰীগৰাকীৰ৷ সেয়ে ইউক্ৰেইনত অধ্যয়ন কৰা সকলো ছাত্ৰ–ছাত্ৰীক চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ বাবে ব্যৱস্থা কৰি দিবলৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰক দাবী জনাইছে অনিমা আহমেদে৷
Published by:Sanjay Kumar Das
First published: