• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটাত প্ৰচণ্ড ধুমুহা বৰষুণ ! ধুমুহা-বৰষুণৰ ফলত ভেল্লা অঞ্চলত বিস্তৰ ক্ষতিসাধন ...

বৰপেটাত প্ৰচণ্ড ধুমুহা বৰষুণ ! ধুমুহা-বৰষুণৰ ফলত ভেল্লা অঞ্চলত বিস্তৰ ক্ষতিসাধন ...

বৰপেটাত প্ৰচণ্ড ধুমুহা বৰষুণ ৷ ধুমুহা-বৰষুণৰ ফলত ভেল্লা অঞ্চলত বিস্তৰ ক্ষতিসাধন ।

বৰপেটাত প্ৰচণ্ড ধুমুহা বৰষুণ ৷ ধুমুহা-বৰষুণৰ ফলত ভেল্লা অঞ্চলত বিস্তৰ ক্ষতিসাধন ।

বৰপেটাত প্ৰচণ্ড ধুমুহা বৰষুণ ৷ ধুমুহা-বৰষুণৰ ফলত ভেল্লা অঞ্চলত বিস্তৰ ক্ষতিসাধন ।

  • Share this:
বৰপেটাত প্ৰচণ্ড ধুমুহা বৰষুণ ৷ ধুমুহা-বৰষুণৰ ফলত ভেল্লা অঞ্চলত বিস্তৰ ক্ষতিসাধন । আজি পুৱা অহা এজাক প্ৰচণ্ড ধুমুহাত বৰপেটাৰ ভেল্লা অঞ্চলত ভেল্লা বজাৰৰ বহু দোকান-পোহাৰৰ ক্ষতিসাধন হোৱাৰ লগতে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ভেল্লা নিম্ন বুনিয়াদী বিদ্যালয়ৰ ব্যাপক ক্ষতিসাধন হয় ৷

প্ৰচণ্ড ধুমুহাই ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰ (লেব'ৰেট'ৰী)ৰ টিনপাত উৰুৱাই নিয়ে ৷ ফলত বিজ্ঞানাগাৰটোত থকা প্ৰায় দহৰ পৰা বাৰ লক্ষ টকাৰ বিজ্ঞানৰ সা-সঁজুলিৰ ক্ষতিসাধন হয় ৷ ইপিনে ভেল্লা নিম্ন বুনিয়াদী বিদ্যালয় গৃহটোৰ টিনপাত আদি উৰুৱাই নিয়াৰ ফলত ব্যাপক ক্ষতিসাধন হয় ৷
অৱশ্যে আজি বিদ্যালয় বন্ধ থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ৰক্ষা পৰে ৷ অন্যথা বিদ্যালয় খোলা থাকিলে ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলৰ ক্ষতিৰ আশংকা প্ৰকাশ কৰিছে ৷

ইপিনে ধুমুহাই বহু পৰিয়ালৰ ঘৰ দুৱাৰ উৰুৱাই নিছে ৷ আনকি বহু ঠাইত গছ ভাঙি পৰাৰ ফলত চুৰমাৰ হৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী ৷ ইপিনে ধুমুহাত ভেল্লা বজাৰৰ বহু দোকান গৃহৰো ক্ষতিসাধন হয় ৷ ইপিনে বৈদ্যুতিক খুটা উভালি পৰাৰ ফলত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে  ৷ ধুমুহাৰ ফলত ভেল্লা - শিলা- বহৰি পথৰ ওপৰত গছ উভালি পৰাৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে । বৰপেটা - দৌলাশাল - হাজো - গুৱাহাটী পথৰ ভেল্লাৰ অংশছোৱাৰ কাষত থকা কেইবাটাও বৈদ্যুতিক খুটা উভালি পৰিছে ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি