• Home
  • »
  • News
  • »
  • assam
  • »
  • আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৰপেটা ৰোডত দেৱালত ভিন্ন চিত্ৰ অংকন ...

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৰপেটা ৰোডত দেৱালত ভিন্ন চিত্ৰ অংকন ...

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৰপেটাৰোডত বৰপেটাৰোড পৌৰসভাৰ উদ্যোগত দেৱাল অংকন কৰা দেখা গৈছে ৷

  • Share this:
দেশৰ গৌৰৱজ্বল ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি থকা প্ৰত্যক্ষ কৰা হৈছে ৷  আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৰপেটাৰোডত বৰপেটাৰোড পৌৰসভাৰ উদ্যোগত দেৱাল অংকন কৰা দেখা গৈছে ৷

বৰপেটাৰোড চহৰৰ কেবাখনো চিত্ৰকলা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে চহৰখনৰ বিভিন্ন দেৱালত মহাত্মা গান্ধী, ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ, নেতাজী সুভাষ চন্দ্ৰ বসু, কনকলতাৰ প্ৰতিচ্ছবি অংকণ কৰাৰ লগতে আমাৰ দেশৰ গৌৰৱ ৰাষ্ট্ৰীয় পতাকাৰ ছবি, হৰ ঘৰ তিৰংগা আদি দেৱাল অংকন কৰি চহৰবাসী লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ বৰপেটাৰোডৰ কেবাজনো শিশু আৰু যুৱ  চিত্ৰ শিল্পীয়েও ৰং তুলিকাৰে আটকধুনীয়াকৈ মহামানৱ সকলৰ প্ৰতিচ্ছবি সজীৱ কৰি তোলা কাৰ্যক শিশু শিল্পী তথা যুৱ শিল্পীসকলক প্ৰশংসা কৰিছে বৰপেটাৰোডবাসীয়ে ৷
Published by:Kokil Sarma
First published: