বৰপেটাৰোড সাৰ্বজনীন ৰাস মন্দিৰৰ নৱ নিৰ্মিত দেৱগৃহ উদ্বোধন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ বৰপেটাৰোডৰ মাজমজিয়াত মনোমোহাকৈ নিৰ্মাণ কৰা সাৰ্বজনীন ৰাস মন্দিৰটো শুকুৰবাৰে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷

বৰপেটাৰোড অঞ্চলৰ ৰাইজৰ সহযোগত ৰাস মন্দিৰ পৰিচালনা সমিতিয়ে সাৰ্বজনীন ৰাস মন্দিৰটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰাত পৰিচালনা সমিতিক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ধন্যবাদ জনাই কয় বৰপেটাৰোডত অইন বহু ধৰ্মীয় অনুষ্ঠান পূৰ্বতেই আটক ধুনীয়াকৈ নিৰ্মাণ হৈছিল যদিও সাৰ্বজনীন ৰাস মন্দিৰটো আটক ধুনীয়াকৈ নিৰ্মাণ হোৱা নাছিল ৷ কিছু পলমকৈ হলেও ৰাস মন্দিৰটো মনোমোহাকৈ নিৰ্মাণ কৰি উলিওৱাত মন্ত্ৰী গৰাকীয়ে সন্তোষ প্ৰকাশ কৰে ।উল্লেখ্য যে বৰপেটাৰোডত ১৯২৯ চনতে স্থাপন হোৱা এই ৰাস মন্দিৰটো নতুনকৈ নিৰ্মাণৰ বাবে প্ৰায় ডেৰ কোটি টকা খৰচ কৰা হৈছে বুলি ৰাস মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ৷
ধনজিত দাস,বৰপেটাৰোড।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|