দুবছৰ পূৰ্বে নিজৰ স্বামীৰ সৈতে সংঘাত হোৱাৰ ফলত বাঘবৰৰ নিজৰ পিতৃগৃহলৈ উভতি আহিছিল বোৱাৰীগৰাকী। আৰু তাৰ পিছৰ পৰাই ছাহাদুলৰ সৈতে গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক।
দুবছৰ পূৰ্বে নিজৰ স্বামীৰ সৈতে সংঘাত হোৱাৰ ফলত বাঘবৰৰ নিজৰ পিতৃগৃহলৈ উভতি আহিছিল বোৱাৰীগৰাকী। আৰু তাৰ পিছৰ পৰাই ছাহাদুলৰ সৈতে গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক।
ৰে'লত উঠি অবৈধ প্ৰেমিকাক পলুৱাই নিবলৈ আহিছিল এজন যুৱক। কিন্তু ষ্টেচনত প্ৰেমিকাৰ সৈতে কথা পাতি থাকোতেই আৰক্ষীৰ যুৱকজনৰ ওপৰত সন্দেহ ওপজে। লগে লগে যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত যুৱকজনে এতিয়া বৰ্ণনা কৰিছে নিজৰ অবৈধ প্ৰেমৰ ইতিহাস।
দেওবাৰে হাউলীৰ ছাহাদুল আলী নামৰ এজন যুৱকে মণ্ডল উপাধিৰ হিন্দু সম্প্ৰদায়ৰ এগৰাকী বোৱাৰীক পলুৱাই আনি বৰপেটাৰোডৰ ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ পিছতে গ্ৰেপ্তাৰ হয় যুৱকজন। যুৱকজনে জনোবা মতে, প্ৰায় দুবছৰ ধৰি বোৱাৰীগৰাকীৰ সৈতে আছিল অবৈধ সম্পৰ্ক। এটি কন্যা সন্তানৰ মাতৃ মহিলাগৰাকীক পৰিকল্পনা অনুসৰি হাউলীৰ নিজ ঘৰলৈ পলুৱাই নিবলৈ আহিছিল ছাহাদুল।
বৰপেটাৰোড ৰে'লৱে ষ্টেচনৰ প্লেটফৰ্মত যুৱকজনৰ লগত বোৱাৰীগৰাকীক প্ৰত্যক্ষ কৰি ৰে'ল আৰক্ষীৰ সন্দেহ ওপজে ৷ সেইমৰ্মে ৰে'ল আৰক্ষীয়ে জেৰা কৰাত মুছলমান যুৱকজনে হিন্দু সম্প্ৰদায়ৰ বোৱাৰীগৰাকীক পলুৱাই অনাৰ কথা স্বীকাৰ কৰে ৷
দুবছৰ পূৰ্বে নিজৰ স্বামীৰ সৈতে সংঘাত হোৱাৰ ফলত বাঘবৰৰ নিজৰ পিতৃগৃহলৈ উভতি আহিছিল বোৱাৰীগৰাকী। আৰু তাৰ পিছৰ পৰাই ছাহাদুলৰ সৈতে গঢ় লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|