চোৰকেইটাৰ পৰা এখন চুৰি বলেৰ' পিকআপ ভান আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
চোৰকেইটাৰ পৰা এখন চুৰি বলেৰ' পিকআপ ভান আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
বৰপেটাৰোড আৰক্ষীৰ বৃহৎ সফলতা।গাড়ী চুৰি চক্ৰৰে জড়িত পাঁচটা চোৰক আটক। চোৰকেইটাৰ পৰা এখন চুৰি বলেৰ' পিকআপ ভান আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
মঙলবাৰে নিশা গোপন খবৰৰ ভিত্তিত বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল চন্দ্ৰ কলিতাৰ নেতৃত্বত বৰপেটাৰোড আৰক্ষীৰ এটি দলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই কোকৰাঝাৰৰ পৰা চুৰ হোৱা বোলেৰো পিকআপ ভান জব্দ কৰাৰ লগতে ২টা চোৰক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন চোৰ দুজনক বৰপেটাৰোড আৰক্ষী থানাত লৈ আহি সোধপোছ কৰাত চোৰ দুজনৰ তথ্যৰ ভিত্তিত বৰপেটাৰোডৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই আন তিনিটা গাড়ী চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।
আৰক্ষীয়ে গাড়ী চোৰ কেইটাৰ পৰা ৬টা মোবাইল ফোনৰ লগতে এখন বাজাজ ডিস্কোভাৰ বাইক জব্দ কৰে। আটকাধীন যুৱককেইজন ক্ৰমে ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত মহম্মদ ইন্তাজ আলীৰ পুত্ৰ মহিবুল ইছলাম,মৃত ৰসিদ আলীৰ পুত্ৰ মোফিজুল ইছলাম, মহম্মদ ছায়েদ আলী শেখৰ পুত্ৰ ইমৰাণ আলী শেখ, বৰপেটা জিলাৰ বৰপেটাৰোড থানাৰ অন্তৰ্গত মহম্মদ খবৰ আলীৰ পুত্ৰ সাগৰ আলী আৰু আনটো হ'ল বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত বৰবালা গাঁৱৰ মহম্মদ সুলতান আলী খানৰ পুত্ৰ বাহাৰুল ইছলাম।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|