বৰপেটাৰোডৰ সমীপৱৰ্তী গোৱৰ্ধনাৰ হাফিজুৰ আকন্দ নামৰ এজন লোকে এটকা দুটকাকৈ মুঠ ২২ হাজাৰ টকাৰ খুচুৰা পইচা (Coin) জমা কৰি ক্ৰয় কৰিলে এখন স্কুটী ৷
বৰপেটাৰোডৰ সমীপৱৰ্তী গোৱৰ্ধনাৰ হাফিজুৰ আকন্দ নামৰ এজন লোকে এটকা দুটকাকৈ মুঠ ২২ হাজাৰ টকাৰ খুচুৰা পইচা (Coin) জমা কৰি ক্ৰয় কৰিলে এখন স্কুটী ৷
মনত অদম্য হেপাহ থাকিলে যিকোনো অসম্ভৱ কামকে যে সম্ভৱ কৰি তুলিব পাৰি তাৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিছে বৰপেটাৰোডৰ সমীপৱৰ্তী গোৱৰ্ধনাৰ হাফিজুৰ আকন্দ নামৰ এজন লোকে ৷ লোকজনে এটকা দুটকাকৈ মুঠ ২২ হাজাৰ টকাৰ খুচুৰা পইচা (Coin) জমা কৰি ক্ৰয় কৰিলে এখন স্কুটী ৷
হাফিজুৰৰ সপোন আছিল এখনি দুচকীয়া বাহন লোৱাৰ কিন্তু একেলগে ইমান টকা যোগাৰ কৰিব নোৱাৰা হাফিজুৰে টকা সঞ্চয়ৰ বাবে এক অভিনৱ পন্থা বাচি লৈছিল ৷ এটকীয়া, দুটকীয়া আৰু দহ টকীয়া মুদ্ৰা জমা কৰি ২২ হাজাৰমান টকা সঞ্চয় কৰিছিল ৷ অৱশেষত ক্ষুদ্ৰ সঞ্চয়ৰ সুফল পালে দৰিদ্ৰ পৰিয়ালৰ লোক হাফিজুৰ আকন্দে ৷ বিগত এবছৰে এটকা দুটকা কৈ সঞ্চয় কৰা উক্ত টকাৰে হাফিজুৰে ডাউন পেমেন্ট দি এখন স্কুটী ক্ৰয় কৰে ৷ হাফিজুৰে সঞ্চয় কৰা খুচুৰা পইচাখিনিলৈ বৰপেটাৰোডৰ শ্ব’ৰুমলৈ আহিছিল এখন স্কুটী কিনিবলৈ ৷ হাফিজুৰে সঞ্চয় কৰা মুদ্ৰাবোৰ শ্ব’ৰুমৰ সকলো কৰ্মচাৰীয়ে ৩/৪ ঘন্টা সময় গন্তি কৰি অৱশেষত হাফিজুৰক প্ৰদান কৰিলে এখনি স্কুটী৷ ক্ষুদ্ৰ সঞ্চয় কৰি স্কুটী কিনিবলৈ পাই বহুত সুখী হৈছে হাফিজুৰে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|