বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Barpeta Road : বৰপেটাৰোড বন সংমণ্ডলে যোৱা বিত্তীয় বৰ্ষত সংগ্ৰহ কৰিলে ২০ কোটি ৰাজহ

Barpeta Road : বৰপেটাৰোড বন সংমণ্ডলে যোৱা বিত্তীয় বৰ্ষত সংগ্ৰহ কৰিলে ২০ কোটি ৰাজহ

Barpeta Road : বৰপেটাৰোড বন সংমণ্ডলে যোৱা বিত্তীয় বৰ্ষত সংগ্ৰহ কৰিলে ২০ কোটি ৰাজহ

যোৱা বছৰতকৈ প্রায় ১৪ কোটি টকা বেছি ৰাজহ সংগ্রহ

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ৰাজহ সংগ্ৰহেৰে অভিলেখ বৰপেটাৰোড বন সংমণ্ডলৰ বিষয়া প্ৰশান্ত গগৈৰ। যোৱা বিত্তীয় বৰ্ষত সংগ্ৰহ কৰিলে ২০ কোটি ৰাজহ। উত্তৰ কামৰূপ ডিভিজনৰ অন্যতম বন কাৰ্যালয় হৈছে বৰপেটাৰোড।

এই কাৰ্যালয়টোৰ অন্তৰ্গত হৈ আছে ৬টা বীট। এই বছৰ অভিলেখসংখ্যক ৰাজহ সংগ্রহ কৰি চৰ্চিত হৈছে বৰপেটাৰোড বন সংমণ্ডল কাৰ্যালয়। উল্লেখ্য যে প্রায় ২০ কোটি টকা সংগ্ৰহ কৰিছে আঞ্চলিক বন বিষয়া প্ৰশান্ত গগৈৰ নেতৃত্বত কৰ্মচাৰীসকলে। যোৱা বছৰতকৈ প্রায় ১৪ কোটি টকা বেছি ৰাজহ সংগ্রহ কৰি উৎফুল্লিত হৈ পৰিছে বন বিষয়াগৰাকী।

বিজ্ঞাপন

তদুপৰি গগৈৰ নেতৃত্বত বন বিষয়াৰ আবাস আৰু বেটেলিয়ন আবাস নিৰ্মাণৰ কামো আৰম্ভ হৈছে। অত্যন্ত ব্যস্ত আঞ্চলিক বন বিষয়াৰ এই কাৰ্যালয়টোত আবাসগৃহৰ অভাৱ দীর্ঘদিনীয়া আছিল।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন