• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটা ৰোডত অবৈধ বেদখলকাৰী দোকান পোহাৰ আৰু সুৰাৰ ঘাটিৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান ...

বৰপেটা ৰোডত অবৈধ বেদখলকাৰী দোকান পোহাৰ আৰু সুৰাৰ ঘাটিৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান ...

বৰপেটাৰোডত অবৈধ ভাবে চৰকাৰী মাটি বেদখল কৰা দোকান পোহাৰ আৰু মদৰ ঘাটিৰ বিৰুদ্ধে  উচ্ছেদ অভিযান।

বৰপেটাৰোডত অবৈধ ভাবে চৰকাৰী মাটি বেদখল কৰা দোকান পোহাৰ আৰু মদৰ ঘাটিৰ বিৰুদ্ধে  উচ্ছেদ অভিযান।

বৰপেটাৰোডত অবৈধ ভাবে চৰকাৰী মাটি বেদখল কৰা দোকান পোহাৰ আৰু মদৰ ঘাটিৰ বিৰুদ্ধে  উচ্ছেদ অভিযান।

  • Share this:
বৰপেটাৰোডত অবৈধ বেদখলকাৰী দোকান পোহাৰ আৰু মদৰ ঘাটিৰ বিৰুদ্ধে আজি প্ৰশাসনে এক উচ্ছেদ অভিযান চলায় ৷ বৰপেটাৰোডত নিৰ্মাণ হৈ থকা ৰেলৱে উৰণীয়া সেতুৰ তলত উত্তৰ বৰপেটাৰোডৰ ফালে একাংশ লোকে অবৈধ ভাৱে চৰকাৰী মাটিত বহি দোকান পোহাৰ দি আহিছে ৷ যাৰফলত নিৰ্মিয়মান ফ্লাইঅভাৰখনৰ উত্তৰ দিশত সততে ব্যাপক যানজঁটৰ সৃষ্টি হৈ সাধাৰণ ৰাইজৰ যথেষ্ট আহুকালত পৰি আহিছে ৷

বিশেষকৈ পাইকাৰী শাকপাচলি বজাৰখনত ইয়াৰ এক ব্যাপক প্ৰভাৱ পৰি এক শ্বাসৰুদ্ধ পৰিৱেশৰ সৃষ্টি হয় ৷ সেয়ে বৰপেটাৰোড পৌৰ সভাই প্ৰশাসনৰ সহযোগত আজি এনেকুৱা বেদখলকাৰী অস্থায়ী দোকান সমূহৰ বিৰুদ্ধে এক অভিযান চলায় ৷ বৰপেটাৰোড পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া পাৰ্থপ্ৰতীম খনিকৰৰ নেতৃত্বত চলা এই অভিযানত সকলোবোৰ অবৈধ দোকান উচ্ছেদ কৰা হয় ৷

আনহাতে, উত্তৰ বৰপেটাৰোডৰে ৰেল পথৰ কাষত একাংশ লোকে অবৈধ ভাৱে থাকি মুখ্যত দেশীয় সুৰা আৰু অসামাজিক কামৰ ঘাটি গঢ়ি তুলিছিল ৷ এই লৈ স্থানীয় ৰাইজে অভিযোগ তুলি আহিছিল ৷এওঁলোকৰ বিৰুদ্ধেও আজি উচ্ছেদ অভিযান চলোৱা হয় ৷ এই অভিযানত অবৈধ মদৰ ঘাটি সমূহ ভাঙি লণ্ডভণ্ড কৰা হয়৷ দেশীয় মদৰ ঘাটি সমূহৰ বিৰুদ্ধে এনে বৰপেটাৰোড পৌৰ সভা আৰু প্ৰশাসনে এনে পদক্ষেপ গ্ৰহণ কৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰে৷
Published by:Kokil Sarma
First published: