মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমীয়া শিপিনীৰ গামোচা বজাৰ পোৱাৰ পূৰ্বে বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বৰপেটা ৰোড ! জিলা প্ৰশাসনৰ অভিযান ...

অসমীয়া শিপিনীৰ গামোচা বজাৰ পোৱাৰ পূৰ্বে বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বৰপেটা ৰোড ! জিলা প্ৰশাসনৰ অভিযান ...

অসমীয়া শিপিনীৰ গামোচা বজাৰ পোৱাৰ পূৰ্বে বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বৰপেটাৰোড। বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা অভিযানত জব্দ চাৰি হেজাৰ গামোচা আৰু আৰ'নাই।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল যোগে জনাইছিল গামোচা, মেখেলা চাদৰ আৰু আৰ'নাই অসমৰ হস্ততাঁতত উৎপাদিত হ'ব লাগিব। পাৱাৰলুমত প্ৰস্তুত কৰা কাপোৰৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান অব্যাহত ৰাখিব বুলিও জনোৱাৰ পিছতেই আজি বৰপেটাৰোডৰ পাইকাৰী কাপোৰৰ বজাৰত বৰপেটা জিলা প্ৰশাসন, বৰপেটা জিলা হেণ্ডলুম এণ্ড টেক্সটাইল, চেৰিকাল্চাৰ বিভাগৰ তৰফৰ পৰা অভিযান চলাই প্ৰায় ৪ হেজাৰ খন বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুমত প্ৰস্তুত কৰা গামোচা আৰু আৰ'নাই জব্দ কৰে।

অসমীয়া শিপিনীৰ গামোচা বজাৰ পোৱাৰ পূৰ্বে বহিঃৰাজ্যৰ গামোচাৰে বৰপেটাৰোড বজাৰত ভৰি পৰা খবৰ পাই এই অভিযান চলায়। ৰঙালী বিহু বুলি অসমীয়া শিপিনীয়ে বোৱা গামোচাৰ সলনি বজাৰত উভৈনদী অন্য ৰাজ্যৰ গামোচা, মেখেলা চাদৰ আৰু আৰ'নাই।বজাৰত উভয় নদী হোৱা চুৰাত, চেন্নাই কলকাতা, উৰিষ্যা আদি অন্য ৰাজ্যৰ পৰা অহা গামোচাৰ বিৰুদ্ধে জিলাখনত এই অভিযান অব্যহত থাকিব বুলি অভিযানত হেণ্ডলুম এণ্ড টেক্সটাইল বিভাগৰ সহকাৰী বিষয়া মজিবুৰ ৰহমানে জনায়।

শেহতীয়া বাতৰি