বৰপেটাৰোডৰ গাইবান্ধা চকত শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহীজন থিতাতে নিহত হোৱাৰ লগতে স্কুটী আৰোহীদ্বয়ো গুৰুতৰ ভাৱে আহত হয় ৷
নিহত বাইক আৰোহীজনৰ নাম ছাইদুল আকন্দ বুলি জানিব পৰা গৈছে। সৰভোগৰ কলিতাপাৰাৰ উজ্জ্বল দাস আৰু কুলধৰ দাস নামৰ যুৱকদ্বয়ে খাৰিজাবিজনীৰ লাব্দাংগুৰীৰ পৰা স্কুটীৰে আহি থকাৰ সময়তে গাইবান্ধা চকত বাইক আৰোহীৰ লগত সংঘটিত হয় মুখামুখি ভয়ংকৰ পথ দুৰ্ঘটনা ৷দুৰ্ঘটনা সংঘটিত হোৱাত স্থানীয় লোকে তিনিওকে বৰপেটা ৰোডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যদিও চিকিৎসকে ছাইদুল আকন্দক মৃত বুলি ঘোষণা কৰে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : July 09, 2022, 08:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।