মুখ্যপৃষ্ঠা »খবৰ »অসম »বৰপেটাৰোডত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ...

বৰপেটাৰোডত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ...

মৰামানাহত অৱস্থিত  বিষ্ণু জ্যোতি সৰোবৰত বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিৰ মাজত সংস্থাপন কৰা সুধাকন্ঠ ডঃভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।     

মৰামানাহত অৱস্থিত  বিষ্ণু জ্যোতি সৰোবৰত বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিৰ মাজত সংস্থাপন কৰা সুধাকন্ঠ ডঃভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।     

  • Share this:
সুধাক‌ন্ঠ ভূপেন হাজৰিকা দেৱৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি বৰপেটাৰোড সাহিত্য সভাৰ উদ্যেগত  আৰু বৰপেটাৰোড পৌৰসভাৰ সহযোগত মৰামানাহত অৱস্থিত  বিষ্ণু জ্যোতি সৰোবৰত বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিৰ মাজত সংস্থাপন কৰা সুধাকন্ঠ ডঃভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

সুধাকন্ঠ ডঃভূপেন হাজৰিকা দেৱৰ 'অসম আমাৰ ৰূপহী গুনৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ' সমবেত সংগীতেৰে প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠান আৰম্ভ কৰে বৰপেটাৰোড সাহিত্য সভাই। ডঃভূপেন‌ হাজৰিকা দেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰি  মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উন্মোচনী ভাষনত ভাৰতৰ সকলো ৰাজ্যৰ ভাষা সংস্কৃতিক সন্মান কৰিব লাগে বুলি কোৱাৰ লগতে অসমৰ সাহিত্য সংস্কৃতিক বাদ দি ভাৰতীয় সংস্কৃতি হ'ব নোৱাৰে তেনেকৈ বংগ সংস্কৃতি বাদ দি ভাৰতীয় সংস্কৃতি হব নোৱাৰে। প্ৰত্যেক ৰাজ্যৰ সংস্কৃতিয়ে ভাৰতৰ সংস্কৃতি। ৰঞ্জিত কুমাৰ দাসে সাংবাদিকৰ আগত তেওঁ সৰভোগ সমষ্টিৰ বিধায়ক হৈ থকা কালতে মূৰ্তি নিৰ্মাণ কৰিবলৈ  বিধায়ক উন্নয়ন পুজিৰ ধন আৱন্তন  দিছিল বুলি কোৱাৰ লগতে  বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত বৰপেটাৰোড পৌৰসভাৰ সহযোগত বিষ্ণু প্ৰসাদ ৰাভাৰ আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি মাজত সুধাকন্ঠৰ প্ৰতিমূৰ্তি স্থাপন কৰি অসমৰ  সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত তিনি মহান মানৱক সন্মান জনাবলৈ পাই তেওঁ আনন্দিত হোৱা বুলি কয় আৰু বৰপেটাৰোড সাহিত্য সভা আৰু পৌৰ সভাক ধন্যবাদ জনায়।

শেহতীয়া বাতৰি