ৰাজ্যখনৰ পলিটেকনিক সমুহত আৰু দুখন ইঞ্জিনাৰিং কলেজৰ কৰ্মৰত ৩৪৮গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু ১২ মাহ ধৰি অনাদায় হৈ থকা দৰমহা মোকলাই দিয়াৰ দাবীত বৰপেটা পলিটেকনিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ পালন কৰিছে ৷

সদৌ অসম পলিটেকনিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে বৰপেটা পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও কর্মবিৰতি পালন কৰে । প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে জানিবলৈ দিয়ামতে বিগত ১২ মাহ ধৰি অনাদায় হৈ থকা দৰমহা শীঘ্ৰে মুকলি কৰা, নিয়মীয়াকৈ মাহিলি দৰমহা আদায়ৰ ব্যৱস্থা কৰা, ২০১৭ চনৰপৰা কৰ্মৰত বৰপেটা পলিটেকনিকত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত এই কর্মবিৰতি কাৰ্যসূচী পালন কৰে সংগঠনটোৱে । প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে ১২ মাহ ধৰি অনিয়মীয়াকৈ থকা দৰমহা মোকলাই দিয়া, চাকৰি নিয়মীয়া কৰা, চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ সকলো দাবী মানি লওক আদি বিভিন্ন দাবীৰ সমৰ্থনত ধৰ্ণা প্ৰদৰ্শণ কৰে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|