ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাই গৈছে অভিযান৷ বৰপেটা আৰক্ষীয়েও বিভিন্ন সময়ত অভিযান চলাই ড্ৰাগছসহ আটক কৰিছে বহু লোকক৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে আজি বৰপেটা আৰক্ষীয়ে জ্বলাই দিলে ড্ৰাগছ, গাঞ্জাসহ, নিচাযুক্ত সামগ্ৰী৷ বৰপেটা আৰক্ষী ছাউনীৰ পিছফালে আজি জ্বলাই দিয়া হয় নিচাযুক্ত সামগ্ৰীসমূহ৷
বৰপেটা জিলা উপায়ুক্ত, বৰপেটা আৰক্ষী অধীক্ষক, ন্যায়াধীশ আৰু ড্ৰাগছ ডিস্প’জেল কমিটীৰ সদস্যৰ উপস্থিতিত উক্ত সামগ্ৰীসমূহ জ্বলাই দিয়া হয়৷ বৰপেটা জিলাৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা ৫৮টা গোচৰৰ প্ৰায় এক কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়া বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে৷
আজি জ্বলাই দিয়া নিচা যুক্ত সামগ্ৰীসমূহৰ ভিতৰত আছে ব্ৰাউন ছুগাৰ ৪০০ গ্ৰাম, গাঞ্জা ১০২ কেজি, নিচাজাতীয় টেবলেট ৫১৩৬টা, নিচাযুক্ত কফচিৰাপ ৬১৪ বটল আৰু নিচাজাতীয় কেপচুল ৪৩২টা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|