সত্ৰনগৰী বৰপেটা চহৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰাৰ লগতে এজন সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয় ৷ ধৃত সুৰা ব্যৱসায়ীটো ডিম্বেশ্বৰ দাস ওৰফে সৰু ৷
সুৰা ব্যৱসায়ৰ অভিযোগত পূৰ্বেও কেবাবাৰো জেললৈ যোৱা ডিম্বেশ্বৰ দাসৰ ঘৰৰ পৰা আজি দেশত নিৰ্মিত শতাধিক বিলাতী সুৰা আৰু বিয়েৰৰ বটল জব্দ কৰে আৰক্ষীয়ে ৷
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সুৰা ব্যৱসায়ীটোৱে নিজ গৃহতে সুৰা মজুত কৰাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই সুৰাসহ সুৰা ব্যৱসায়ীটোক আটক কৰে ৷
উল্লেখ্য যে, সত্ৰনগৰী হিচাপে পৰিচিত বৰপেটা চহৰত সুৰা ব্যৱসায় নিষিদ্ধ আৰু সেয়ে প্ৰায়েই চোৰাংভাৱে মজুত কৰা সুৰাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে ব্যাপক তালাচী অভিযান চলাই আহিছে ৷
সত্ৰনগৰী বৰপেটাত সুৰা নিষিদ্ধ যদিও বৰপেটাৰ কাষৰে নগাঁও, কেওতকুছি, হাউলী, বৰপেটা ৰোড আদিৰ পৰা দেশী আৰু বিলাতী সুৰা আনি মজুত ৰাখি অবৈধভাৱে ব্যৱসায় অব্যাহত ৰাখিছে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : September 18, 2022, 20:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।