সন্দেহজনক বাৰ্মিজ চুপাৰিৰ নমুনা ফৰেনছিক লেব, ফুড ছিকিউৰিটি আৰু কৃষি বিভাগলৈ পঠোৱা হ'ব।
সন্দেহজনক বাৰ্মিজ চুপাৰিৰ নমুনা ফৰেনছিক লেব, ফুড ছিকিউৰিটি আৰু কৃষি বিভাগলৈ পঠোৱা হ'ব।
ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ কিছুদিন পূৰ্বৰে পৰা বৰপেটা আৰক্ষীয়েও অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অভিযান ৷ হাউলীৰ গৰৈমাৰী, মৈৰামৰা, হাউলি নগৰ অঞ্চলত আৰক্ষীয়ে চলাই আছে এই অভিযান ৷ গোপন খবৰৰ ভিত্তিত আজি বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰ বৰুৱাৰ নেতৃত্বত হাউলী আৰক্ষীয়ে হাউলী নগৰৰ চোহানা ট্রেডিং নামৰ গোডাউনত চলায় অভিযান (Burmese Betel Nut Seized at Barpeta) ৷
এই অভিযানত প্ৰায় ৫০০ বেগ সন্দেহযুক্ত বাৰ্মিজ চুপাৰি জব্দ কৰা বুলি উপ আৰক্ষী অধীক্ষক সমীৰ বৰুৱাই জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰি গোডাউনৰ চিচি টিভি আৰু দুটা মোবাইলো জব্দ কৰা বুলি উপ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইয়াৰ আগতেও বৰপেটা আৰক্ষীয়ে জব্দ কৰিছিল প্রায় ১১৫ বেগ সন্দেহযুক্ত বাৰ্মিজ চুপাৰি ৷
উপ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি সন্দেহজনক বাৰ্মিজ চুপাৰিৰ নমুনা ফৰেনছিক লেব, ফুড ছিকিউৰিটি আৰু কৃষি বিভাগলৈ পঠোৱা হ'ব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|