• Home
  • »
  • News
  • »
  • assam
  • »
  • এণ্টি কৰাপশ্যনৰ বিষয়া বুলি চিনাকী দি ব্যৱসায়ীৰ পৰা কৰিছিল ৭ লাখ টকাৰ ধনদাবী! হাউলী আৰক্ষীৰ জালত পৰিল ৫টা ভণ্ড

এণ্টি কৰাপশ্যনৰ বিষয়া বুলি চিনাকী দি ব্যৱসায়ীৰ পৰা কৰিছিল ৭ লাখ টকাৰ ধনদাবী! হাউলী আৰক্ষীৰ জালত পৰিল ৫টা ভণ্ড

অৱশেষত বৰপেটা আৰক্ষীয়ে প্ৰায় তিনি ঘণ্টাজোৰা অভিযানৰ অন্তত ৰঙিয়াত এণ্টি ক'ৰাপশ্যনৰ ভুৱা ৫ বিষয়াক গ্ৰেপ্তাৰ কৰে।

অৱশেষত বৰপেটা আৰক্ষীয়ে প্ৰায় তিনি ঘণ্টাজোৰা অভিযানৰ অন্তত ৰঙিয়াত এণ্টি ক'ৰাপশ্যনৰ ভুৱা ৫ বিষয়াক গ্ৰেপ্তাৰ কৰে।

অৱশেষত বৰপেটা আৰক্ষীয়ে প্ৰায় তিনি ঘণ্টাজোৰা অভিযানৰ অন্তত ৰঙিয়াত এণ্টি ক'ৰাপশ্যনৰ ভুৱা ৫ বিষয়াক গ্ৰেপ্তাৰ কৰে।

  • Share this:
বৰপেটাৰ হাউলী আৰক্ষীৰ বৃহৎ সফলতা। হাউলী আৰক্ষীৰ জালত এণ্টি ক'ৰাপশ্যনৰ ৫ ভুৱা বিষয়া ৷ ভণ্ড কেইটাই এগৰাকী হোটেল ব্যৱসায়ীক সোধপোছৰ নামত অপহৰণ কৰি দাবী কৰিছিল ৭ লাখ টকা ৷ আৰু অৱশেষত বৰপেটা আৰক্ষীয়ে প্ৰায় তিনি ঘণ্টাজোৰা অভিযানৰ অন্তত ৰঙিয়াত এণ্টি ক'ৰাপশ্যনৰ ভুৱা ৫ বিষয়াক গ্ৰেপ্তাৰ কৰে।

আটকাধীন লোককেইজন হ'ল, নলবাৰীৰ ৰাজেশ ডেকা আৰু কংকন ডেকা, পাঠশালাৰ ইনজামুল ইচলাম, মনজিৎ ৰয় আৰু নয়ন তালুকদাৰ। আনহাতে দলটোৰ পৰা এণ্টি ক'ৰাপশ্যনৰ ল'গ লগাই থোৱা AS 01 BP 8309 নম্বৰৰ এখন চাৰিচকীয়া বাহন আৰু AS 14 E 9624 মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে ৷

বৰপেটাৰ হাউলীৰ কালঝাৰৰ বৈশ্য লাইন হোটেলখনত অবৈধ কাম কাজ চলাৰ অভিযোগ তুলি হোটেলখনৰ মালিক মনোহৰ বৈশ্যৰ আগত এণ্টি ক'ৰাপশ্যনৰ বিষয়া বুলি পৰিচয় দি হোটেলৰ পৰাই মালিকজনক উঠাই লৈ গৈছিল ৰঙিয়ালৈ ৷

ইপিনে ব্যৱসায়ীজনক উঠাই লৈ যোৱাৰ পিছতে দলটোৱে ব্যৱসায়ীগৰাকীৰ জৰিয়তে পৰিয়ালৰ লোকক দাবী কৰে ৭ লাখ টকা  ৷ পৰিয়ালৰ লোকক ফোনযোগে ধনদাবী কৰাৰ পিচতে পৰিয়ালৰ লোকে কাষ চাপে আৰক্ষীৰ ৷

আৰু ইয়াৰ পিছতে হাউলী আৰক্ষীয়ে কৌশলেৰে ৰঙিয়াৰ মৰাণজানা নামে ঠাইত অভিযান চলাই ব্যৱসায়ীগৰাকীক উদ্ধাৰ কৰাৰ লগতে এণ্টি ক'ৰাপশ্যনৰ বিষয়া বুলি পৰিচয় দিয়া ৫ অপহৰণকাৰী দলটোক গ্ৰেপ্তাৰ কৰে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি