চকু পৰিছে দুৰ্বৃত্তৰ, কিমান নিৰাপদ আপোনাৰ কষ্ট উপাৰ্জিত ধন?

সক্ৰিয় হৈছে টকা কাঢ়ি নিয়া এক চক্ৰ। এজন লোকৰ পৰা ১ লাখ টকা নিবলৈ লওতেই ৰাইজs উত্তম মধ্যম শোধালে এটা ডকাইটক

news18assam
Updated:June 12, 2019, 9:30 AM IST
চকু পৰিছে দুৰ্বৃত্তৰ, কিমান নিৰাপদ আপোনাৰ কষ্ট উপাৰ্জিত ধন?
সক্ৰিয় হৈছে টকা কাঢ়ি নিয়া এক চক্ৰ। এজন লোকৰ পৰা ১ লাখ টকা নিবলৈ লওতেই ৰাইজs উত্তম মধ্যম শোধালে এটা ডকাইটক
news18assam
Updated: June 12, 2019, 9:30 AM IST
বেংকৰ পৰা টকা উলিওৱাৰ সময়ত সাৱধান হওক। কোন সময়ত আপোনাৰ ধনৰ ওপৰত দুৰ্বৃত্তৰ চকু পৰিব সেইয়া কল্পনাই কৰিব নোৱাৰিব আপুনি! বৰপেটা চহৰত এতিয়া সৰ্বসাধৰণৰ টোপনি কাঢ়িছে টকা কাঢ়ি নিয়া এক চক্ৰই। জিলাখনত ক্ৰমাৎ বৃদ্ধি পাইছে বেংকৰ পৰা টকা উলিয়াবলৈ যোৱা সৰ্বসাধাৰণ লোকৰ পৰা টকা কাঢ়ি নিয়াৰ দৰে ঘটনা।

মঙলবাৰে  সংঘটিত হয় এক অনুৰূপ ঘটনা। কিন্তু পিছত স্থানীয় লোকৰ তৎপৰতাত ডকাইটক আটক কৰিবলৈ সক্ষম হয়। সৰ্থেবাৰী থানাৰ অন্তৰ্গত যশোদাৰ পাম গাঁৱৰ বাসিন্দা তথা অৱসৰ প্ৰাপ্ত শিক্ষক ধীৰেন্দ্ৰ নাথ মণ্ডলে তেওঁৰ পুত্ৰৰ বিবাহৰ বাবে মঙলবাৰে বেংকৰ পৰা টকা উলিয়াবলৈ বৰপেটা চহৰলৈ আহিছিল। পিছত বেংকৰ পৰা টকা উলিয়াই ৰাস্তাৰে গৈ থকা সময়তে তিনিজনীয়া এক দুৰ্বৃত্তৰ দলে মানুহজনৰ পৰা ১ লাখ টকা কাঢ়ি পলাই যাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে লোকজনে টকা খিনি বেংকৰ পৰা লোৱাৰ পিছত নিজ ঘৰৰ অভিমুখে যাবলৈ এখন গাড়ীত উঠিবলৈ লওতেই এজন দুৰ্বৃত্তই  মানুহজনৰ গা লৈ হালধীয়া ৰঙৰ এক বিশেষ পানীয় মাৰি দিয়ে আৰু চোলাত কিবা পৰিল বুলি কয়৷ পিছত চোলাটো লেতেৰা হৈ থকা বুলি কৈ দুৰ্বৃত্ত জনে এটা পানীৰ বটল দিয়ে মানুহজনক৷ মানুহজনে পানীৰে চোলাটো চাফা কৰিবলৈ লওতেই  এজনে টকাৰ বেগটো কাঢ়ি উধাও হয়৷ কিন্তু মানুহজনে লগে লগে চিঞৰ বাখৰ কৰাত স্থানীয় লোকে খেদি খেদি দুৰ্বৃত্তজনক টকাৰ বেগ সহ আটক কৰিবলৈ সক্ষম হয় ।কিন্তু তিনিজনীয় দলটোৰ দুজন পলাই যাবলৈ সক্ষম হয়।

পিছত ৰাইজে উত্তম মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ডকাইটতোক। আৰক্ষীয়ে পিছত আটকাধীন লোকজনক পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ প্ৰমোদ গোৱালা বুলি চিনাক্ত কৰিছে। সেইদৰে আৰক্ষীয়ে এতিয়া অন্য দুই দুৰ্বৃত্তক বিচাৰি আৰম্ভ কৰিছে অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি