உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পৌৰ নিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক তৎপৰতাঃ বৰপেটাত নিশা ১১ বজালৈকে দলীয় কাৰ্যকৰ্তাৰে বৈঠক চন্দ্ৰমোহন পাটোৱাৰীৰ ...

    পৌৰ নিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক তৎপৰতাঃ বৰপেটাত নিশা ১১ বজালৈকে দলীয় কাৰ্যকৰ্তাৰে বৈঠক চন্দ্ৰমোহন পাটোৱাৰীৰ ...

    পৌৰ নিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক তৎপৰতাঃ বৰপেটাত নিশা ১১ বজালৈকে দলীয় কাৰ্যকৰ্তাৰে বৈঠক চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ লুৰিণজ্যোতিৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত নকৰে মন্ত্ৰী পাটোৱাৰীয়ে ৷সাংবাদিকক প্ৰশ্ন— কি আছে লুৰিণৰ ?

    • Share this:
    পৌৰ নিৰ্বাচনক লৈ ব্যাপকভাৱে তৎপৰ হৈ পৰিছে বিজেপি ৷পৌৰ নিৰ্বাচনত কি হ'ব দলৰ ৰণকৌশল ৷ তাক লৈ বৰপেটাত দলীয় কাৰ্যকৰ্তাৰে নিশা ১১ বজালৈ বৈঠকত বহিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰক লগত লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বৰপেটা জিলা বিজেপি আৰু নগৰ মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ লগতে বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীসকলৰ মতামত গ্ৰহণ কৰে ৷

    বিশেষকৈ বৰপেটাত পৌৰ নিৰ্বাচনৰ ৰণকৌশল কি হ'ব ? বৰপেটাত পদুম ফুলাবলৈ সক্ষম হ'ব নে বিজেপি ? অগপৰ সৈতে কেনেধৰণেৰে হ'ব বুজাবুজি আৰু বুজাবুজি হ'লে কোন কেইখন আসন এৰি দিয়া হ'ব অগপক !! মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এইবিষয়ে দলীয় কাৰ্যকৰ্তা আৰু সম্ভাব্য প্ৰাৰ্থীসকলৰ পৰা মতামত গ্ৰহণ কৰে ৷ দলীয় কাৰ্যকৰ্তাসকলৰ এই মতামতসমুহ মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক সমিতিক দাখিল কৰিব বুলিও জানিবলৈ দিয়ে ৷ইপিনে এই মতামতৰ ওপৰত ভিত্তি কৰিয়েই দলৰ ৰাজ্যিক সমিতিয়ে পৌৰ নিৰ্বাচনত বৰপেটাত অগপৰে বুজাবুজি সম্পৰ্কত সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

    ইপিনে শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে আইনে নিজৰ মতে সিদ্ধান্ত ল'ব বুলি উল্লেখ কৰে মন্ত্ৰী  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷আজি বজালীত শ্বেৰমান আলী আহমেদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কথামতে চলে বুলি লুৰিণজ্যোতি গগৈয়ে কৰা মন্তব্যক লৈ  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰা হয় যদিও মন্ত্ৰী পাটোৱাৰীয়ে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ অস্বীকাৰ কৰে ৷লুৰিণজ্যোতি গগৈৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলগীয়া কিবা থকা বুলি নাভাবে  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷লুৰিণজ্যোতি গগৈয়ে কিবা কবলৈ তেওৰ কি আছে বুলি প্ৰশ্ন কৰে  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷দুটা সমষ্টিত উঠি এটা সমষ্টিতো জিকিব নোৱাৰা লুৰিণৰ বিষয়ে সোধাতকৈ আন কথা সোধক বুলিহে সাংবাদিকক মন্তব্য মন্ত্ৰীগৰাকীৰ ৷
    Published by:Kokil Sarma
    First published: