দুখীয়া, সহজ-সৰল ৰোগীক সহায়ৰ নামত বৰপেটা মেডিকেল কলেজ হাস্পতালত একাংশৰ দালালি৷ ৰোগীৰ আত্মীয়ক প্ৰৱঞ্চনাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ'ল বৰপেটা মেডিকেল কলেজৰ ফিজিঅ'থেৰাপীৰ ছাত্ৰ৷ দালালি কৰি গ্ৰেপ্তাৰ হোৱা ছাত্ৰজনৰ নাম মিনহাজুদ্দিন ওৰফে মিনহাজ ৷
বৰপেটাৰ বাঘবৰৰ মিনহাজুদ্দিন বৰপেটা মেডিকেল কলেজ (Barpeta Medical College)ৰ ফিজিঅ'থেৰাপীৰ ছাত্ৰ ৷ মঙলবাৰে সৰ্থেবাৰীৰ গোমুৰা গাঁৱৰ এগৰাকী ৰোগী বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ চিকিৎসাৰ বাবে অহাত নিজকে হাস্পতালৰ কৰ্মচাৰী বুলি চিনাকি দি মিনহাজুদ্দিনে ভৰ্তি কৰাকে ধৰি বিভিন্ন ধৰণে সহায় কৰিছিল ৰোগীৰ অভিভাৱকক৷
ইপিনে চিকিৎসকে ৰোগীগৰাকীক কৰিবলৈ দিয়া কেইবাটাও তেজৰ পৰীক্ষা হাস্পতালতে কৰাৰ সলনি উক্ত দালালজনৰ প্ৰৱঞ্চনাৰ জালত ভৰি দি কোনো ব্যক্তিগত লেব'ৰেটৰীত কৰিবলৈ বাধ্য হয় ৰোগীৰ অভিভাৱকে ৷
দালাল মিনহাজুদ্দিনে দেখুৱাই দিয়া এটা ব্যক্তিগত পৰীক্ষাগাৰত তেজৰ পৰীক্ষাৰ বাবদ ৰোগীৰ পৰিয়ালটোৱে ভৰিব লগা হয় ৫,৯৫০ টকা৷ অথচ চিকিৎসকে কোৱা মতে হাস্পতালত কৰিলে মাথোঁ ৯৫০ টকাতে সকলো পৰীক্ষা সম্ভৱ হ'লহেঁতেন ৷
দিনহাজিৰা কৰা ৰোগীৰ অভিভাৱকজন এনেদৰে সৰ্বস্বান্ত হোৱা ঘটনাক লৈ কৰ্তব্যৰত চিকিৎসকে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰক ঘটনা সম্পৰ্কে অৱগত কৰে ৷ ইয়াৰ পিছতে অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ পৰামৰ্শ অনুসৰি ৰোগীৰ অভিভাৱকে বৰপেটা মেডিকেল কলেজ আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে ৷
উক্ত এজাহাৰৰ ভিত্তিতে বৰপেটা আৰক্ষীয়ে মিনহাজুদ্দিন ওৰফে মিনহাজ আলীক গ্ৰেপ্তাৰ কৰে৷ ইপিনে দালাল ছাত্ৰজনক গ্ৰেপ্তাৰৰ পিছতে ছাত্ৰজনৰ অভিভাৱকে এজাহাৰকাৰীক গোচৰটো উঠাই ল'বলৈ ভয়-ভাবুকি দেখুওৱা বুলিও অভিযোগ উঠিছে ৷ এই ঘটনাৰ পিছতে মেডিকেল কলেজ কৰ্তৃপক্ষই কোনো দালালক প্ৰশ্ৰয় নিদিবলৈ ৰোগী আৰু ৰোগীৰ আত্মীয়ক অনুৰোধ জনাইছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।