உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আজিৰে পৰা অসমত প্ৰতিদিনে এক লাখ লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হ'ব, এই ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ...

    আজিৰে পৰা অসমত প্ৰতিদিনে এক লাখ লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হ'ব, এই ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ...

    বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ আজিৰে পৰা প্ৰতিদিনে অসমত এক লাখ লোকক ক'ভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

    • Share this:
    বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ আজিৰে পৰা প্ৰতিদিনে অসমত এক লাখ লোকক ক'ভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

    স্বাস্থ্য মন্ত্ৰীগৰাকী বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ ক'ভিড ৰোগীৰ চিকিৎসা সম্পৰ্কে এক আলোচনাত মিলিত হয় ৷ বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভুষাল, বজালীৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্হ্য বিভাগৰ বিষয়া, চিকিৎসকসকলৰ সৈতে কোভিড পৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী ৷

    আজিৰে পৰা প্ৰতিদিনে অসমত এক লাখ লোকক ক'ভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ এইক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিব চৰকাৰে৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত পুনৰ আন এটা অক্সিজেন প্লান্ট প্ৰতিষ্ঠা কৰা হ'ব বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷
    অহা পোন্ধৰ দিনৰ ভিতৰতে এই অক্সিজেন প্লান্ট প্ৰতিষ্ঠা সম্পূৰ্ণ কৰা হ'ব ৷ অক্সিজেন প্লান্টটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে প্ৰায় দুশখন বেডত পাইপৰ জৰিয়তে ৰোগীক অক্সিজেন দিব পৰা যাব ৷ আজি আবেলি অথবা কাইলৈৰ পৰাই নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈকো লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

    কাইলৈৰ ভিতৰতে ক'ভিড কীট, ভেকচিন আৰু ঔষধৰ নাটনি দূৰ কৰাৰো প্ৰতিশ্ৰুতি দিয়াৰ লগতে গাঁও সমূহত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হ'ব বুলিও মন্তব্য কৰে নতুন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷ ক'ভিড পজিটীভ ৰোগীসকলক জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নীৰিক্ষণত থাকিব আৰু চিকিৎসাৰ ব্যৱস্থা গ্ৰহন কৰিব ৷হাস্পতালত যি ৰোগীৰ মৃত্যু হয়, সেই সকলৰ তদন্ত হব লাগিব আৰু কি কাৰণত তেওঁৰ মৃত্যু হ'ল সেই সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ ক'ভিডৰ পৰা ৰক্ষাৰ বাবে দুই এদিনতে নতুন SOP প্ৰকাশ কৰিব চৰকাৰে আৰু মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ে আলোচনা কৰি থকা হৈছে ৷

    ঘৰতে আইছ'লেচনত থকা বা কন্টেইনমেন্ট জ'নত থকা বিপিএল কাৰ্ডৰ পৰিয়ালক দুহেজাৰ টকাৰ খাদ্য সামগ্ৰী প্ৰদানৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে৷ আনহাতে ক'ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীসকলক নিতৌ তিনিশ টকাৰ খাদ্য প্ৰদান কৰা হ'ব বুলি তেওঁ জনায়৷ আনহাতে হাস্পতালসমুহত চিকিৎসাজনিত গাফিলতিক লৈ বিভিন্ন মাধ্যমত যিসমুহ ভিডিঅ' ভাইৰেল হৈ আছে সেই সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এতিয়াৰে পৰা সকলো ব্যৱস্থা হাতত লোৱা হৈছে বুলি মন্তব্য কৰি আনকি এজন ৰোগীৰ কিয় মৃত্যু হ'ল সেই বিষয়েও তদন্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷
    Published by:Kokil Sarma
    First published: