உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আগদিনা বহিষ্কৃত হৈছিল মেট্ৰিক পৰীক্ষাত, পিছদিনা নিশা পৃথিৱীৰ পৰাই বিদায় ল’লে বৰপেটাৰ পাৰবিনে

    আগদিনা বহিষ্কৃত হৈছিল মেট্ৰিক পৰীক্ষাত, পিছদিনা নিশা পৃথিৱীৰ পৰাই বিদায় ল’লে বৰপেটাৰ পাৰবিনে

    পৰীক্ষাকেন্দ্ৰত নীৰিক্ষকে হাৰাশাস্তি কৰাৰ অভিযোগ

    পৰীক্ষাকেন্দ্ৰত নীৰিক্ষকে হাৰাশাস্তি কৰাৰ অভিযোগ

    পৰীক্ষাকেন্দ্ৰত নীৰিক্ষকে হাৰাশাস্তি কৰাৰ অভিযোগ

    • Share this:
    পৰীক্ষাত নকল কৰাৰ অভিযোগত নিৰীক্ষকে পৰীক্ষাকেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰিছিল বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লিপিকা পাৰবিন নামৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীক। আৰবী বিষয়ৰ পৰীক্ষাত বহিষ্কৃত হৈছিল ছাত্ৰীগৰাকী।

    বহিষ্কাৰ হোৱাৰ এদিন পিছতে খেতিপথাৰত দিয়া ঔষধ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায় ছাত্ৰীগৰাকীয়ে । লগে লগে পৰিয়ালৰ লোকে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও স্বাস্থ্যৰ অৱনতি ঘটাত শনিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। আৰু মংগলবাৰে ছাত্ৰীগৰাকীৰ চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ।

    লিপিকা পাৰবিনে বহৰি হাইস্কুল পৰীক্ষা কেন্দ্ৰত দিছিল পৰীক্ষা।কিন্তু পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগ তুলি নীৰিক্ষকে বহিষ্কাৰ কৰাৰ পিছৰে পৰা মানসিক ভাবে ভাঙি পৰে ছাত্ৰীগৰাকী।

    ছাত্ৰীগৰাকীৰ আত্মহননৰ পিছতে, পিতৃ মহম্মদ লতিফে পৰীক্ষা কেন্দ্ৰত নিৰীক্ষক  ছাজিদা খাতুনে লিপিকাক মানসিক ভাবে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰিছে।
    Published by:Himangshu Bhuyan
    First published: