ডেৰশ বছৰ অতিক্ৰম কৰা বৌদ্ধিক তথা বিদ্যায়তনিক উৎকর্ষ সাধনৰ মহান মন্ত্রৰে গঢ় লৈ উঠা বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ আজি ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান। স্বৰাজ লাভৰ পূৰ্বেই নামনি অসমৰ শৈক্ষিক উত্তৰণ আৰু মাৰ্গদর্শন প্রতিষ্ঠানস্বৰূপে ১৮৬৫ চনতে স্থাপন হোৱা আৰু ১৯৭১ চনত চৰকাৰীকৰণ হোৱা বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৰিমাময় ইতিহাস স্মৰণৰ উদ্দেশ্যে অনুষ্ঠিত হৈছে ডেৰশ বছৰীয়া জয়ন্তী ৷ব্ৰিটিছৰ শাসন কালত বৰপেটা চহৰৰ মৰানদীৰ পাৰৰ প্ৰকৃতিৰ এক নৈসৰ্গিক স্থানত গঢ়ি উঠা নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত (Barpeta Govt H S School) অসমৰ এখন অন্যতম চৰকাৰী শিক্ষানুষ্ঠান হিচাপে জনাজাত।
![]()
সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকা, যোগেন স্যান্নাল, কমালা কান্ত দাস, ৰাম চৰণ সিং, গোপাল গোবিন্দ কৰ, অম্বেশ ঘটক, কালী মোহন সেনগুপ্ত, গিৰীশ চন্দ্ৰ ৰায়চৌধুৰী আদি বহু বৰেণ্য ব্যক্তিত্বৰ শিক্ষকতাৰে বিদ্যালয়খনৰ ইতিহাস সমৃদ্ধ হৈ আছে ৷
আনহাতে এই বিদ্যালয়খনতে শিক্ষাগ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী, বৰ্তমানৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Ranoj Pegu) , ৰাষ্ট্ৰদূত গৌৰাংগলাল দাস, আই বিৰ সৰ্বভাৰতীয় সঞ্চালক তপন ডেকাৰ লগতে বহু প্ৰতিভাৱানে ৷
![]()
আনকি ভাষাবিদ ড০ বাণীকান্ত কাকতি, অম্বিকাগিৰি ৰায়চৌধুৰী, শিক্ষাবিদ কামেশ্বৰ দাস, কৰ্ণেল গুৰু প্ৰসাদ দাস, ড০ হিৰণ্য কুমাৰ ভুঞা, জিতেন্দ্ৰনাথ দাস, ড০ নিৰ্মল কুমাৰ চৌধুৰী,ড০ গজেন্দ্ৰ নাথ তালুকদাৰ, প্ৰসন্নলাল চৌধুৰী, বীৰেশ্বৰ বৰুৱা আদি বৰেণ্য ব্যক্তি, সাহিত্যিক তথা মহান ব্যক্তিসকলৰ লগতে দেশৰ-দহৰ তথা সমাজ জীৱনৰ বিভিন্ন দিশত অৰিহণা যোগোৱা অলেখ মানৱসম্পদ গঢ় দিয়া শিক্ষানুষ্ঠানখনৰ ডেৰশ বছৰীয়া জয়ন্তীক লৈ বিদ্যালয়খনৰে জড়িত প্ৰতিজন ছাত্ৰ-শিক্ষকৰ মনত সৃষ্টি বৈছে অপাৰ আনন্দৰ (Barpeta Govt H S School 150 Years Celebration)৷
ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ অংশ হিচাপে আজি বিদ্যালয়খনৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলৰ অংশগ্ৰহণেৰে বিদ্যালয়খনৰ সাংস্কৃতিক ঐতিহ্যৰ বার্তাবাহক হিচাপে বিশাল শোভাযাত্ৰা উলিওৱা হয় ৷ পুৱাৰে পৰা বৰষুণৰ বতৰৰ বাবে বহু কাৰ্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিঘিনিৰ সৃষ্টি হয় ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|