বাংলাদেশী শিল্পী আৰু ভোজপুৰী নৃত্যদলক নিমন্ত্ৰণ কৰি সংস্কৃতি ৰক্ষাৰ যো–জা একাংশ তথাকথিত সংগঠনে!
বাংলাদেশী শিল্পী আৰু ভোজপুৰী নৃত্যদলক নিমন্ত্ৰণ কৰি সংস্কৃতি ৰক্ষাৰ যো–জা একাংশ তথাকথিত সংগঠনে!
ছয়গাৱঁৰ চাঞ্চল্যকৰ শিল্পী নিগ্ৰহৰ ঘটনা মাৰ নৌ যাওতেই আকৌ এবাৰ সাংস্কৃতিক অনুষ্ঠানৰ নামত বহুৱালিৰ বাবে উঠি পৰি লাগিছে একাংশ! বাংলাদেশৰ পৰা শিল্পীৰ দল নিমন্ত্ৰণ কৰাৰ লগতে, বহিঃৰাজ্যৰ ভোজপুৰী নৃত্য দলক নিমন্ত্ৰণ কৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে বৰপেটাৰ এটা সংগঠনে।
অসমৰ শিল্পীক উপেক্ষা কৰি, কেৱল দৰ্শকক নিম্নমানৰ ৰুচি প্ৰদান কৰিবলৈ একাংশ সংগঠনে এতিয়া সংস্কৃতি ৰক্ষাৰ নামত সৃষ্টি কৰিব বিচাৰিছে বহুৱালি। ছয়গাঁৱত আমন্ত্ৰিত শিল্পীক উলংগ নৃত্য কৰিবলৈ দাবী জনোৱাৰ দৰে অসহিষ্ণু পৰিবেশৰ সৃষ্টি কৰা কাণ্ডৰ পিছত এইবাৰ বৰপেটাৰ এক ভিতৰুৱা অঞ্চলত এনেদৰে সাংস্কৃতিক অনুষ্ঠান পাতি অশ্লীলতাৰ বজাৰ মেলিব বিচাৰিছে বুলি এতিয়া অভিহিত কৰিছে একাংশই।
এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা খবৰে এতিয়া হতচকিত কৰি তুলিছে বহুতকে। প্ৰশাসনক এতিয়া সমগ্ৰ অনুষ্ঠানত চুকা দৃষ্টি ৰাখিবলৈও অনুৰোধ জনাইছে সচেতন মহলে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|