
অসমৰ বিভিন্ন জিলাৰ লগতে অৰুণাচল, শ্বিলং আদিলৈ ইতিমধ্যে আতচবাজী ৰপ্তানি হৈছে ৷
অসমৰ বিভিন্ন জিলাৰ লগতে অৰুণাচল, শ্বিলং আদিলৈ ইতিমধ্যে আতচবাজী ৰপ্তানি হৈছে ৷
diদীপাৱলীৰ আকাশ ৰঙীন কৰিবলৈ সাজু বৰপেটাৰ আতচবাজী শিল্পীসকল ৷ ২০১৯ চনৰ পৰাই ক'ভিড পৰিস্থিতিৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈ আহিছে আতচবাজী শিল্পৰ সৈতে জড়িত শিল্পীসকল ৷ যোৱাবছৰ দীপাৱলীত অলপ সকাহ পাইছিল আতচবাজী শিল্পীসকলে ৷
এইবাৰ দীপাৱলীৰ বজাৰ ভাল হ'ব বুলি আশা কৰিছে বৰপেটাৰ আতচবাজী শিল্পীসকলে ৷ দীপাৱলীৰ বাবে এমাহ আগৰে পৰা অতচবাজী নিৰ্মাণত ব্যস্ত কাৰুশিল্পীসকল ৷ বৰপেটাৰ বিখ্যাত ফুলজাৰি, কলগছ, হাজাৰ পাত্তা, আচমান গোলা, মতা ফুলজাৰি আদিকে ধৰি বিভিন্ন আতচবাজী প্ৰস্তুত কৰাৰ ব্যস্ত হৈ পৰিছে শিল্পীসকল ৷ আনহাতে কেঁচামালৰ মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে কাৰুশিল্পীসকলক ৷ কাৰুশিল্পী গোপজিৎ পাঠকে জানিবলৈ দিয়া মতে, এইবাৰ প্ৰস্তুতি ভালেই। অসমৰ বিভিন্ন জিলাৰ লগতে অৰুণাচল, শ্বিলং আদিলৈ ইতিমধ্যে আতচবাজী গৈছে ৷ আনহাতে কেঁচা সমাগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত আতচবাজীৰো মূল্যবৃদ্ধি কৰিবলগীয়া হোৱা বাবে চিন্তিত বুলি প্ৰকাশ কৰে গোপজিৎ পাঠকে ৷আনহাতে ব্ৰিটিছৰ সময়তে আৰম্ভ হোৱা আতচবাজী কি কাৰণে ভালদৰে বজাৰ দখল কৰিব পৰা নাই, সেই বিষয়ে গোপজিৎ পাঠকে কয় যে বাৰুদৰ কামত বহুখিনি নিয়মৰ মাজেৰে যাব লাগে, আনহাতে সকলোবোৰ হাতেৰে নিৰ্মাণ কৰিব লাগে, মূলধনৰ অভাৱ, আনহাতে কেঁচা সামগ্ৰীখিনি বহিঃৰাজ্যৰ পৰা আনিবলগীয়া হোৱা আদি কাৰণত বজাৰত ফেৰ মাৰিব নোৱাৰা বুলিও প্ৰকাশ কৰে গোপজিৎ পাঠকে ৷ Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|