মুখ্যপৃষ্ঠা »খবৰ »অসম »দিপাৱলীৰ আকাশ ৰঙীন কৰিবলৈ সাজু বৰপেটাৰ আতচবাজী শিল্পীসকল, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশনাই পেলাইছে বিপাঙত

দিপাৱলীৰ আকাশ ৰঙীন কৰিবলৈ সাজু বৰপেটাৰ আতচবাজী শিল্পীসকল, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশনাই পেলাইছে বিপাঙত

এইবাৰ মুখ্যমন্ত্ৰীয়ে দিপাৱলী অনুষ্ঠিত কৰাত বাধা নাই বুলি মন্তব্য কৰিছিল যদিও প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ একেই বাধা ৷

এইবাৰ মুখ্যমন্ত্ৰীয়ে দিপাৱলী অনুষ্ঠিত কৰাত বাধা নাই বুলি মন্তব্য কৰিছিল যদিও প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ একেই বাধা ৷

  • Share this:
দিপাৱলীৰ আকাশ ৰঙীন কৰিবলৈ সাজু বৰপেটাৰ আতচবাজী শিল্পীসকল৷ যোৱা দুটা বছৰে কোভিড পৰিস্থিতিৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈ আহিছে আতচবাজী শিল্পৰ সৈতে জড়িত শিল্পীসকল৷ যোৱা বছৰ দিপাৱলীৰ বাবে বৃহৎ পৰিমাণৰ আতচবাজী প্ৰস্তুত কৰিছিল শিল্পীসকলে৷ কিন্তু শেষ মুহূৰ্তত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিষেধাজ্ঞাৰ বাবে দিপাৱলীৰ বাবে প্ৰস্তুত কৰা আতচবাজীসমূহ বিক্ৰীৰ অভাৱত পেলাই দিবলগীয়া হৈছিল৷

এইবাৰ মুখ্যমন্ত্ৰীয়ে দিপাৱলী অনুষ্ঠিত কৰাত বাধা নাই বুলি মন্তব্য কৰিছিল যদিও প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ একেই বাধা ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ভৰসা কৰিয়ে ব্যৱসায় আৰম্ভ কৰিছে আতচবাজী শিল্পীসকলে৷ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে দিপাৱলীক লৈ বাৰে বাৰে জাৰি কৰা নিষেধাজ্ঞাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে শিল্পী পৰিয়ালসমূহ৷

তাৰোপৰি চৰকাৰৰ আত্মনিৰ্ভৰশীল অসমৰ সপোন অসাৰ বুলিও মন্তব্য কৰিছে শিল্পী পৰিয়ালসমূহে৷ শতিকাপ্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পটোৰ সৈতে জড়িত লোকসকলে চৰকাৰৰ সহায় পালেহে শিল্পটো জীয়াই ৰাখিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে৷

ইপিনে গুৱাহাটীৰ বজাৰত আতচবাজী বিক্ৰীৰ বাবে এতিয়ালৈকে অনুজ্ঞা প্ৰদান কৰা নাই জিলা প্ৰশাসনে৷ ফলত গুৱাহাটীত বৰপেটাৰ আতচবাজী বিক্ৰী কৰিব পৰা নাই শিল্পীসকলে৷

শেহতীয়া বাতৰি