• Home
  • »
  • News
  • »
  • assam
  • »
  • জুইৰ সহায়ত ছবি আঁকিলে বৰপেটাৰ যুৱকে, শচীন টেণ্ডুলকাৰ, ড০ ভূপেন হাজৰিকাৰ ছবি আঁকি ‘অসম বুক অৱ ৰেকৰ্ডছ’ত কৰিলে নাম অন্তৰ্ভুক্ত

জুইৰ সহায়ত ছবি আঁকিলে বৰপেটাৰ যুৱকে, শচীন টেণ্ডুলকাৰ, ড০ ভূপেন হাজৰিকাৰ ছবি আঁকি ‘অসম বুক অৱ ৰেকৰ্ডছ’ত কৰিলে নাম অন্তৰ্ভুক্ত

মোমায়েক ভাস্কৰ্যশিল্পী সত্যৱান দাসৰ তত্বাৱধানতে ৯ বছৰ বয়সতে শিল্প কৰ্মত হাত দিয়া নিৰ্জুৰাজে বিভিন্ন শৈলী ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰি আহিছে। 

  • Share this:
অসাধাৰণ প্ৰতিভা! জুইৰ সহায়ত ছবি অংকন বৰপেটাৰ নিৰ্জুৰাজ দাসৰ।  শচীন তেণ্ডুলকাৰ আৰু ড০ ভূপেন হাজৰিকাৰ চিত্ৰ অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিলে যুৱকজনে।

সৰুতেই পিতৃ-মাতৃ হেৰুওৱা নিৰ্জুৰাজ দাসে অতি কষ্টৰে জীৱন-সংগ্ৰামৰ যুঁজ অব্যাহত ৰাখিছে। মোমায়েক ভাস্কৰ্যশিল্পী সত্যৱান দাসৰ তত্বাৱধানতে ৯ বছৰ বয়সতে শিল্প কৰ্মত হাত দিয়া নিৰ্জুৰাজে বিভিন্ন শৈলী ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰি আহিছে।

কিন্তু এইবাৰ ল’ক ডাউনৰ সময়ত নিৰ্জুৰাজে জুইৰ সহায়ত অংকন কৰিলে ছবি।ল'ক ডাউনৰ সময়ত ঘৰতে আৱদ্ধ থকা নিৰ্জুৰাজে কিবা এটা নতুন কৰাৰ ইচ্ছাৰে জুইৰে চিত্ৰ আঁকিবলৈ চেষ্টা কৰে ৷ আৰু কেইটামান দিনৰ ভিতৰতে শিল্পীগৰাকীয়ে জুইৰে চিত্ৰ অংকনত পাৰ্গত হৈ পৰে ৷ শিল্পীগৰাকীয়ে জুইৰে অংকন কৰা চিত্ৰ অসম বুক অৱ ৰেকৰ্ডছৰ বাবে প্ৰেৰণ কৰে আৰু অসম বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ উপৰিও শিল্পীগৰাকীয়ে মুখেৰেও অংকন কৰিছে জুবিন গাৰ্গ, ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভা আদি বহুকেইগৰাকী বৰেণ্য অসমীয়াৰ ছবি ৷
Published by:Himangshu Bhuyan
First published: