• Home
  • »
  • News
  • »
  • assam
  • »
  • Hunger Strike: সত্ৰনগৰী বৰপেটাক ৰে'লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবী, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ অনশন

Hunger Strike: সত্ৰনগৰী বৰপেটাক ৰে'লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবী, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ অনশন

আজি পুৱা ৭ বজাৰ পৰা ২৬ জানুৱাৰীৰ পুৱা ৯ বজালৈ ২৬ ঘণ্টীয়া অনশন কাৰ্যসূচীৰে বৰপেটাক ৰে'ল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীত ২৬ জানুৱাৰীৰ পূৰ্বে আন্দোলনৰ কাৰ্যসূচী বৰপেটা আঞ্চলিক ছাত্ৰসন্থাৰ ৷

  • Share this:
গণৰাজ্য দিৱসৰ এদিন পূৰ্বে বৰপেটাত আছুৰ ২৬ ঘণ্টীয়া অনশন ৷ সত্ৰ নগৰী বৰপেটাক ৰে'লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আজিৰেপৰা আৰম্ভ কৰিছে ২৬ ঘণ্টীয়া অনশন কাৰ্যসূচী ৷ আজি পুৱা ৭ বজাৰ পৰা ২৬ জানুৱাৰীৰ পুৱা ৯ বজালৈ ২৬ ঘণ্টীয়া অনশন কাৰ্যসূচীৰে অসমৰ প্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাবাসীক ৰে'ল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবেই এনেদৰে ২৬ জানুৱাৰীৰ পূৰ্বে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰসন্থাই ৷

আনহাতে বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'ল লাইনৰ কোনো ব্যৱস্থা নথকাৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে জিলাবাসীৰ লগতে চহৰখনত চাকৰি কৰা অন্য জিলাৰ চাকৰিয়ালসকলো ৷ আনহাতে ৰে'লৰ ভেকুৱাম ব্ৰেক(GP BRAKE) উদ্ভাৱন কৰি ৰে'ললৈ উল্লেখযোগ্য অৱদান দিয়া কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ জন্ম চহৰ বৰপেটাক ৰে'লপথেৰে সংযোগ কৰাৰ বাবে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে জৰীপ সম্পূৰ্ণ কৰাৰ পিছতো ৰে'লপথ নিৰ্মাণৰ কাম আৰম্ভ নহ'ল ৷

দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত বৰপেটাৰ নাগৰিকে সন্মুখীন হৈ অহা সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি আজি এনেদৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ এই দাবীৰ প্ৰতি বৰপেটাৰ সকলো সংস্থা, সংগঠন আদিয়েও সমৰ্থন আগবঢ়াইছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি