মৃত লোকজন বৰপেটা চহৰৰ ন-সত্ৰৰ উপেন্দ্ৰ মজুমদাৰ ৷
মৃত লোকজন বৰপেটা চহৰৰ ন-সত্ৰৰ উপেন্দ্ৰ মজুমদাৰ ৷
- বৰপেটাত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ ৷
- জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৰপেটাৰ এজনৰ মৃত্যু ৷
- মৃত লোকজন বৰপেটা চহৰৰ ন-সত্ৰৰ উপেন্দ্ৰ মজুমদাৰ ৷
- গুৱাহাটীৰ GNRCত চিকিৎসাধীন অৱস্থাত মৃত্যু লোকজনৰ ৷
- ৬৫ বছৰীয়া লোক জন ২০ জুনৰ পৰাই জ্বৰত আক্ৰান্ত হৈ আছিল ৷
- বৰপেটাত দীৰ্ঘ চিকিৎসাৰ পিচতো জ্বৰৰ উপশম নোহোৱাত ২৯ জুনত লোকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ GNRCত ভৰ্তি কৰা হৈছিল ৷পিছে GNRCৰ ICUত চিকিৎসাধীন অৱস্থাতে আজি বিয়লি লোকজনৰ মৃত্যু হয় ৷
- ইপিনে বৰপেটা চহৰৰ মাজৰহাটীৰ পলাশমণি দাস নামৰ আন এজন যুৱক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ICU ত চিকিৎসাধীন হৈ আছে ৷
- বানত ক্ষতিগ্ৰস্থ বৰপেটা চহৰত এজনৰ পিছত আন এজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ খবৰৰ পিছত উপেন্দ্ৰ মজুমদাৰ নামৰ লোকজনৰ মৃত্যুৰ বাতৰিয়ে বৰপেটা চহৰত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে ৷
- ইপিনে বৰপেটা জিলা মেলেৰীয়া বিভাগে ইতিমধ্যে মহ মৰা ঔষধ স্প্ৰে কৰা, তেজ পৰীক্ষা, ধোৱা দিয়া আদি আৰম্ভ কৰিছে যদিও মেলেৰীয়া বিভাগৰ কামকাজক লৈ সন্তুষ্টি প্ৰকাশ কৰা নাই জাপানী এনকেফেলাইটিছত আক্ৰান্ত পৰিয়ালৰ লোকসকলে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|